ডাষ্টবিনত জুবুৰিয়াই গা-ধুৱাব লগাসকল বিজেপিলৈ যাব- ভূপেন বৰা

A

নিউজ ডেস্ক:

"বিজেপি কাৰ্যালয়ত ভৱেশ কলিতাই ডাষ্টবিনত থোৱা পানীত জুবুৰিয়াই চাফা কৰে।ডাষ্টবিনত জুবুৰিয়াই গা -ধুৱাব লগাসকল এতিয়া বিজেপিলৈ যাব"- সভাপতি ভূপেন বৰাই প্ৰকাশ কৰিছে এই মন্তব্য।

বিজেপিয়ে ৰাইজক গেৰাণ্টি হিচাপে লয়।টেট শিক্ষকে চাৰ্টিফিকেট ঘূৰাই দিম কৈছে, কৰ্মচাৰীয়ে আন্দোলন কৰিছে, আমিতো লগাই দিয়া নাই আন্দোলন কৰিবলৈ। কৰ্মচাৰীৰ পুৰণি পেঞ্চন নীতিক আমি সমৰ্থন কৰিছোঁ।নিৰ্বাচনৰ আগত বিজেপিয়ে কৰ্মচাৰীক হয় পেঞ্চন দিব লাগিব নহলে নিজৰ ৰাস্তা লব কৰ্মচাৰীয়ে- কংগ্ৰেছৰ সভাপতি বৰাই কয়।
আনহাতে ৰাজ্যত বিৰোধী তথ্যসহ চিনাক্ত কৰি দিয়ক বুলি উল্লেখ কৰি বৰাই কয়-অখিল-লুৰীণ CPI-CP(M) ৰে আমাৰ ভাল সম্পৰ্ক।মোৰ যদি বিৰোধী চিনি পোৱাত ভুল হৈছে তেন্তে চিনাক্ত কৰি দিয়ক।
ৰাজনৈতিক দলসমূহে অহা নিৰ্বাচনলৈ প্ৰস্তুতি চলাইছে তাত কব লগা একো নাই।অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰস্তুতিৰ মূল লক্ষ্য আগন্তুক পঞ্চায়ত নিৰ্বাচন।পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিটো ৱাৰ্ড, প্ৰতিখন জিলা পৰিষদত আমি প্ৰতিদ্বন্দিতা কৰিম।জানুৱাৰীৰ ভিতৰত প্ৰাৰ্থীত্ব সন্ধানৰ প্ৰক্রিয়া চূড়ান্ত হ’ব।পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল লাভ কৰিম বুলিও আমি আশাবাদী- বৰাই কয়।বহুত দলে ফৰফৰাই থাকে কিন্তু কাৰ্বি আংলং আৰু জি এম চিৰ দৰে নিৰ্বাচন এই সেইসকলে খেলা নাই।১৯৮৫ৰ পৰা ২০১৬চনলৈ বিজেপিয়ে কেইটা নিৰ্বাচন খেলি জিকিছে তাৰো হিচাপ উলিয়াব লাগে- কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়।
আনহাতে গাড্ডাৰ বিধায়কৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নত বৰাই কয়- ভূপেন হাজৰিকাই এখন মঞ্চত এটা গান এবাৰেই গাইছিল, মই কিমানবাৰ ক'ব লাগিব।

Your Comments