মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ জ্ঞানৰ অভাৱ, আমি প্ৰশিক্ষণ দিম- ABVP

A

নিউজ ডেস্ক:
আৰ এছ এছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক ক্ষমা খুজিও ততপোৱা নাই ন-বিজেপি তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।বৰুৱাৰ মন্তব্যক এইবাৰ উভতি ধৰিছে ছাত্ৰ সংগঠনটোৱে।মাতৃভাষাত শিক্ষাৰ বিৰুদ্ধে অসম চৰকাৰৰ মন্ত্ৰীৰ মন্তব্য দুৰ্ভাগ্যজনক।জ্ঞানৰ অভাৱ বাবে কৰিছে বিতৰ্কিত মন্তৱ্য মন্ত্ৰী বৰুৱাই।আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃত্তিত ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক নেতৃত্বই কয়- মাধ্যম প্ৰসংগত অসম চৰকাৰে সিদ্ধান্ত সলনি নকৰিলে বিষয়টো তীব্ৰ বিৰোধীতাৰে ছাত্ৰ-ছাত্ৰী মাজলৈ লৈ যোৱা হ'ব।মাতৃভাষাতে হ'বই লাগিব প্ৰাথমিক শিক্ষা।

ইফালে মন্ত্ৰী বৰুৱাৰ মন্তব্য দুৰ্ভাগ্যজনক বুলি উল্লেখ্য কৰি বিবৃত্তিত বৰুৱাই কয়- মন্ত্ৰী গৰাকীয়ে কেৱল এ বি ভি পিকে নহয়, অসমৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ সমাজকো অপমান কৰিছে।মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই শিক্ষা বিভাগৰ কথা বাদ দি নিজ বিভাগৰ কাম-কাজত মনোযোগ দিব লাগে বুলিও সকীয়নী প্ৰদান কৰে।

আনহাতে এ বি ভি পিৰ ওপৰত জ্ঞান নথকা মন্ত্ৰীক আমি প্ৰশিক্ষণ দিম বুলি বিবৃত্তিত উল্লেখ কৰি কয়- জনপ্ৰতিনিধিৰ মুখৰ তৰল শব্দই তেওঁৰ ব্যক্তিত্বৰ পৰিচয় দিয়ে।

Your Comments