ABVP ওচৰত ক্ষমা খুজি দিল্লীলৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

A

নিউজ ডেস্ক:

আৰ এছ এছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক চোৰ-ডকাইতৰ সৈতে তুলনা কৰি নেতৃত্বৰ ৰোষত বিজেপি নেতা তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।সোমবাৰে এবিভিপিৰ এখন প্ৰেছ বিজ্ঞপ্তিক লৈ তুচ্ছ-তাচ্ছিল্য কৰিছিল মন্ত্ৰী বৰুৱাই।অসম চৰকাৰে শিক্ষানুষ্ঠানত ইংৰাজী মাধ্যমত পাঠদান কৰা সিদ্ধান্তক বিৰোধিতা কৰিছিল ছাত্ৰ সংগঠনটোৱে।তাৰ প্ৰতিক্ৰিয়াত মন্ত্ৰী বৰুৱাই তুচ্ছ-তাচ্ছিল্য কৰিছিল এবিভিপিক।কেৱল সেয়াই নহয় এবিভিপিক চিনি নাপাওঁ, সংবাদ বিবৃত্তি দিয়াটোৱে ভুল বুলিও তাচ্ছিল্য কৰিছিল মন্ত্ৰী বৰুৱাই।

আনহাতে মন্ত্ৰী গৰাকীৰ মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটো।সোমবাৰে বিতৰ্কিত মন্তব্য কৰি আজি পুৱাৰ ভাগত সামাজিক মাধ্যম যোগে মন্ত্ৰী গৰাকীয়ে এ বি ভি পিৰ ওচৰত ক্ষমা খোজে।

তাৎপৰ্যপূৰ্ণ কথা এই যে এবিভিপিক ক্ষমা খোজাৰ পিচতে আজি বিয়লিৰ ভাগলৈ হঠাৎ মন্ত্ৰী গৰাকী ৰাওনা হয় দিল্লীলৈ।

Your Comments