ABVPয়ে দুমুখীয়া স্থিতি লৈছে- হাফিজ ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক সমালোচনা বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।এবিভিপিয়ে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে।সভাপতি-সম্পাদকে মাত মতা নাই কিন্তু কাৰ্যালয় সম্পাদকৰ জৰিয়তে বিবৃত্তি জাৰি কৰিছে" - এই মন্তব্য AIUDF বিধায়ক হাফিজ ৰফিকুল ইছলামৰ। দুয়োকুল বজাই ৰাখিছে মাধ্যম বিষয়ত মাত মাতিছে এবিভিপিয়ে৷মুখ্যমন্ত্ৰীয়ে নিজৰ সিদ্ধান্তকেই বিৰোধিতা কৰিছে।মাধ্যমৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব লাগে বুলি দাবী জনায় ইছলামে।

আনহাতে বিদ্যাঞ্জলী আঁচনিক সাংসদ প্ৰদ্যুত বৰদলৈয়ে কিয় সমৰ্থন কৰিছে সেয়া ৰাইজে বুজিব।মুখ্যমন্ত্ৰীৰ সৈতে আগৰে পৰা ভাল সম্পৰ্ক।কংগ্ৰেছৰ দিনত হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ নলে-গলে লগা বন্ধু আছিল৷এতিয়া কোন ক'ত আছে, সেইটো ডাঙৰ কথা নহয়।সম্পৰ্ক তেওঁলোকৰ ভাল৷বিজেপিলৈ প্ৰদ্যুত বৰদলৈ যাব যদিও মই নাজানো, কংগ্ৰেছেহে গম পাব- এআইইউডিএফৰ বিধায়ক গৰাকীয়ে কয়।

Your Comments