মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এজেণ্ট ভূপেন বৰা

A

নিউজ ডেস্ক:

"ভূপেন বৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এজেণ্ট। মুখ্যমন্ত্ৰীৰ বেয়া হোৱা কোনো কাম নকৰে বৰাই৷তেওঁৰ কাম-কাজে কংগ্ৰেছৰ ক্ষতি কৰিছে৷বিজেপিক সহায় কৰাৰ বাবে তেওঁ কাম কৰিছে"- বিস্ফোৰক অভিযোগ এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ। বিৰোধী একত্ৰিত হ'লে বিজেপি শক্তি কমিব সেই কথা বৰাই জানে৷কিন্তু সেই কাম তেওঁ নকৰে।

ইফালে গাড্ডাৰ বিচাৰ প্ৰসংগত ইছলামে কয়- কংগ্ৰেছৰ ন্যূনতম লাজ থাকিব লাগে।গাড্ডাৰী কৰাসকলক চিনাক্ত নকৰে৷তাৰিখৰ পিছত তাৰিখ দি থাকিব৷কিন্তু গাড্ডাৰ চিনাক্ত কৰিব নোৱাৰে৷২৪জন বিধায়ক সন্দেহৰ মাজত ।গাড্ডাৰ বিচাৰ ২০২৩নে ২০২৪ত হ'ব নাজানো বুলিও কটাক্ষ কৰে এআইইউডিএফ বিধায়ক গৰাকীয়ে।

Your Comments