AIUDFৰে মিত্ৰতাক লৈ বিপাঙত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা

A

নিউজ ডেস্ক:

লোকসভা নিৰ্বাচনত এআইইউডিএফৰে মিত্ৰতাক লৈ বিপাঙত বিধায়ক নুৰুল হুদা।সাংবাদিকৰ প্ৰশ্নবাণত বিপাঙত কংগ্ৰেছ বিধায়ক গৰাকী।কংগ্ৰেছৰ লগত এআইইউডিএফৰ মিত্ৰতা হ'ব নে নহয় সেইয়া দলৰ  নেতৃত্বই সিদ্ধান্ত লব।দলীয় বিষয়-বাবত মই নাই বুলি দাবী কৰি তেওঁ কয়- দলৰ হাইকামাণ্ডে এইক্ষেত্ৰত মতামত দিব।
আনহাতে বিদ্যাঞ্জলী আঁচনিক পুনৰ বিবেচনা কৰাৰ আহ্বান কংগ্ৰেছ বিধায়ক গৰাকীৰ।মই ইয়াৰ বিৰোধী, আমাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে নিজৰ অভিজ্ঞতাৰে হয়তো সমৰ্থন কৰিব পাৰে।মোৰ বিবেকে এই সিদ্ধান্তৰ বিৰোধিতা কৰে।মোৰ অভিজ্ঞতাৰে ইয়াক বিৰোধিতা কৰিছো৷ইফালে মাধ্যম বিষয়টো প্ৰসংগত তেওঁ কয়- মাতৃভাষা মাধ্যমেৰে শিক্ষাক আৰম্ভ কৰিব লাগে।ইংৰাজী মাধ্যম কৰিলে অসুবিধা হ'ব ছাত্ৰ-ছাত্ৰীৰ।
আনহাতে কংগ্ৰেছ বিধায়কসকলক দিল্লীলৈ তলব কৰা প্ৰসংগত তেওঁ কয়- নেতৃত্বই বিচাৰ কৰিব গাড্ডাৰ কোন ?

Your Comments