মুখ্যমন্ত্ৰী হিমন্তৰ ঘৰৰ পৰাই শিক্ষাৰ ব্যক্তিগতকৰণ আৰম্ভ হৈছে- ৰিপুন বৰা

A

নিউজ ডেস্ক:

হিন্দী ভাষাৰ প্ৰশ্নকাকতৰ ব্যৱস্থাৰে অসম চৰকাৰে বহিৰাগতক ৰঙা দলিছা পাৰিছে তৃতীয়-চতুৰ্থবৰ্গ নিযুক্তি পৰীক্ষাত- এই মন্তৱ্য তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷
অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত হিন্দীত ব্যৱস্থা কৰা সিদ্ধান্তক বিৰোধিতাৰে তৃণমূল কংগ্ৰেছে আজি ৰাজ্যপালক দাখিল কৰে স্মৰক পত্ৰ।সভাপতি বৰাসহ এক সজাতি দলে দাখিল কৰে স্মাৰক পত্ৰ।

আনহাতে অসম চৰকাৰৰ শিক্ষাবিভাগে ৰাজ্যৰ বিদ্যালয়  পৰিচালনা কৰাৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ বাবে বিধায়কলৈ দিয়া পত্ৰ প্ৰসংগত বৰাই কয়- অসম চৰকাৰৰ অৰ্থনৈতিক অৱস্থা আজি দেউলীয়া।এফালে চৰকাৰী বিদ্যালয়সমূহ ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ কৰিছে আনফালে থকাসমূহ চলাবলৈও পুঁজি নাই।দান-বৰঙণিৰে বিদ্যালয় চলাবলৈ লোৱাটো লজ্জিত কথা চৰকাৰৰ বাবে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পৰাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাক ব্যক্তিগতকৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি প্ৰকাশ কৰি বৰাই কয়- মুখ্যমন্ত্ৰী পৰিয়ালে উত্তৰ-পূৰ্বৰ ভিতৰত এখন ব্যয়বহুল ব্যক্তিগতখণ্ডৰ বিদ্যালয় আৰম্ভ কৰিছে।প্রভাৱশালী ব্যক্তিৰ সন্তানে অধ্যয়ন কৰিব এই বিদ্যালয়ত।কিন্তু সাধাৰণ পিতৃ-মাতৃৰ সন্তানৰ ছাত্ৰ-ছাত্ৰী পঢ়া বিদ্যালয় চলাবলৈ দান-বৰঙণি সংগ্ৰহ কৰা ব্যৱস্থা লাজ লগা কথা- বৰাই কয়।

Your Comments