দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু গণতন্ত্ৰৰ বস্ত্ৰহৰণ একেই- ভূপেন বৰা

A

নিউজ ডেস্ক:
"দ্ৰৌপদীৰ বস্ত্ৰহৰণকাৰীৰ উৰুভংগ হওতে সময় লাগিছিল একেদৰে কংগ্ৰেছৰ গাড্ডাৰ বিধায়কৰ উৰুভংগ হ'ব সময়ত"-এই মন্তৱ্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।ভূপেন বৰা সভাপতি হৈ থকা লৈ লোকসভাৰ আসন এআইইউডিএফৰে ভাগ-বতৰা হ'ব নোৱাৰে।  হাইকামাণ্ডে একেলগ হলেই ভূপেন বৰা সভাপতি পদত নাথাকিব, সভাপতি সলনি কৰিব লাগিব-লগতে তেওঁ কয়।
আনহাতে আজি দিল্লীলৈ যাব ভূপেন বৰা।মূল্যবৃদ্ধিক লৈ দোকানে দোকানে গৈ জনতাৰ মনৰ কথা প্ৰতিক্ৰিয়া লব কংগ্রেছৰ নেতাকৰ্মীয়ে।আজিৰে পৰা আৰম্ভ হ’ব অভিযান।পঞ্চায়ত নিৰ্বাচনো  অকলে খেলাৰ হুংকাৰ বৰাৰ।
ইফালে অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় চলাবৰ বাবে ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰাৰ সন্দৰ্ভত বৰাই কয়- নিৰ্বাচনৰ সময়ৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কয়, জনতাৰ পৰিস্থিতিৰ সন্মুখীন হলেই দান বৰঙণি বিচাৰে।ডাবল ইঞ্জিনৰ চৰকাৰৰ নমুনা, এতিয়া তৃতীয় ইঞ্জিনৰ সহায় লাগে , জনসাধাৰণ হৈছে তৃতীয় ইঞ্জিন।শিক্ষামন্ত্ৰীয়ে মানুহৰ পৰা চান্দা বিচৰা আৰম্ভ কৰিছে।মুখ্যমন্ত্ৰীয়েও কোভিড-বানপানীৰ সময়ত ৰাইজৰ পৰা দান-বৰঙণি বিচাৰে।

Your Comments