গুৱাহাটী ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড, কেমেৰাৰ সন্মুখতে বিস্ফোৰণ চিলিণ্ডাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড।দিনৰ প্ৰায় ১০ বজাত ভঙাগড়ত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো।অগ্নিকাণ্ডত বিস্ফোৰণ হয় বহুকেইটা চিলিণ্ডাৰ।ফলত জুইৰ লেলিহান শিখাই  মুহূৰ্ততে আৱৰি ধৰে।ভঙাগড়ৰ উৰণীয়া সেঁতুৰ তলত সংঘটিত হোৱা  অগ্নিকাণ্ডত জুইত জাহ যায় বহুকেইখন দোকান।প্ৰায় ১০খনতকৈ অধিক অগ্নি নিৰ্বাপন বাহিনীৰ বাহনে প্ৰায় এঘণ্টাৰো অধিক সময় আপ্ৰাণ চেষ্টা কৰি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

আনহাতে ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতি হয় বহু লক্ষ-লক্ষ টকাৰ সা-সম্পত্তি।এখন মিঠাইৰ দোকানৰ পৰা সূত্ৰপাত হয় এই জুই।

Your Comments