চিকচিকীয়া বগা চোলা পিন্ধি এচি ৰূমত বহি কা' আন্দোলন কৰিলে নহব- বিধায়ক হাফিজ ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:

"ঘৰৰ ভিতৰত আন্দোলন কৰাতকৈ আদালতত গ'লে সুফল পাব।ৰাজপথৰ ভৰপক আন্দোলনক খেল পথাৰত ভৰাই মষিমূৰ কৰিলে।এ.চি ৰুমত বহি থাকি চিকচিকীয়া বগা কাপোৰ পিন্ধি কা' আন্দোলন কৰিলে সফল নহয়"- আছুৰ কা' আন্দোলনক নাম নোলোৱাকৈ কটাক্ষ এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।আন্দোলন সফল কৰিবলৈ জনতাৰ ওচৰত ক্ষমা খুজি পুনৰ ৰাজপথলৈ জনতাক উলিয়াই আনি আন্দোলন কৰাৰ আহ্বান বিধায়ক গৰাকীৰ।

অসমীয়া জাতিৰ অন্তৰে নামানে কা' আইন।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল চকীখনৰ বাবে কা' সমৰ্থন কৰে।বিজেপি বিধায়কসকলক বেডৰূমত গৈ সুধিলে জঁপিয়াই উঠিব কা' নামানো বুলি- ইছলামে কয়।

সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে আৰম্ভ কৰা দ্বিতীয় কা' আন্দোলনক লৈ সন্তুষ্ট নহয় এআইইউডিএফ।বিধায়ক হাফিজ ৰফিকুল ইছলামে আন্দোলনৰ পদ্ধতিত সুখী নোহোৱাৰ কথা ব্যক্ত কৰে ৷বিদেশী বহিস্কাৰ পটভূমিত জন্ম হোৱা দল-সংগঠনে কা' আন্দোলনক খেলপথাৰলৈ নিলে।কা'ৰ বিৰুদ্ধে আন্দোলন হৈছে ভাল কথা কিন্তু আন্দোলনৰ পদ্ধতি এচি ৰুমত, কাৰ্যালয়ত বহি থাকি নহয়।কা’ আন্দোলনৰ সদিচ্ছা থাকিলে ৰাস্তাত আহি  চৰকাৰক সৈমান কৰিব লাগিব- ইছলামে কয়।

Your Comments