কংগ্রেছ বিধায়ক বিজেপিলৈ যাব, মোৰ মনে নধৰে- বিধায়ক ভাস্কৰ বৰুৱা

A

নিউজ ডেস্ক:

অসম প্ৰদেশ কংগ্ৰেছৰ বিধায়কক দিল্লী লৈ তলব কৰা প্ৰসংগত কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাৰ মন্তব্য।"আমাক কি কাৰণত মাতিছে নাজানোঁ।২৮ আগষ্টত দলৰ শীর্ষ নেতৃত্বই দিল্লীলৈ প্ৰদেশ কংগ্ৰেছৰ সকলো বিধায়কক তলব কৰিছে।২৭আগষ্টত আমি দিল্লীলৈ যাম।"
আনহাতে কংগ্ৰেছৰ একাংশ বিধায়কে শীঘ্ৰে বিজেপি দলত যোগদান কৰিব বুলি সভাপতি ভৱেশ কলিতাই কৰা দাবীৰ প্ৰসংগত তিতাবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক জনে কয়- “মনে নধৰে, আমাৰ বিধায়ক বিজেপিত যাব। সকলোৱে দলটোক শক্তিশালী কৰাৰ বাবেহে আলোচনা কৰিছে।”
আনহাতে অহা লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টি কংগ্ৰেছৰ হাততে থাকিব বুলি উল্লেখ কৰি বৰুৱাই কয়- বিজেপিয়ে কলিয়াবৰত সৰ্বশক্তি প্ৰয়োগ কৰিব পাৰে কিন্তু গৌৰৱ গগৈয়ে জয়ী হ'ব।মানুহে ব্যক্তি চাই আজি কালি ভোট দিয়ে।

Your Comments