কা'ৰ জৰিয়তে বিদেশী বোজা জাপিব খুজিছে বিজেপিয়ে-AIUDF বিধায়ক হাফিজ ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:

"বিদেশীক লৈ বিজেপিয়ে জপিয়াই জপিয়াই ৰাজনীতি কৰে।কা'ৰ জৰিয়তে বিদেশী বোজা জাপিব খুজিছে বিজেপিয়ে।কিন্তু এইবাৰ ৰোহিংগীয়াক লৈ ৰাজনীতি কৰিছে পুনৰ বিজেপিয়ে"-এই মন্তব্য AIUDF বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।
বিজেপিয়ে নিৰ্বাচনৰ আগত গৃহহীনক সংস্থাপনৰ কথা কৈছিল কিন্তু নকৰিলে।বিদেশী হিন্দু-ৰোহিংগীয়া এইবোৰ কথাৰে মাজে মাজে নাটক কৰি থাকে।নিজৰ মানুহক উচ্ছেদ কৰি বাহিৰৰ মানুহক সংস্থাপনৰ নাটক কৰিছে বিজেপিয়ে- ইছলামে কয়।
আনহাতে অহা লোকসভাৰ নিৰ্বাচনত ১৪টা সমষ্টিত নিৰ্বাচন নেখেলে AIUDFয়ে।কংগ্ৰেছক ৭টাকৈ সমষ্টি এৰি দিয়াৰ কথা প্রকাশ হাফিজ ৰফিকুল ইছলামৰ।“৭ টা লোকসভা সমষ্টিত আমি বিভিন্ন সময়ত প্ৰাৰ্থী দিছোঁ। বাকী ৭খনত কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰি জয়ী হওক”বুলি উল্লেখ কৰি  ইছলামে কয়- ’কলিয়াবৰ, শিলচৰ, কৰিমগঞ্জ, নগাওঁ, মঙলদৈ, বৰপেটা, ধুবুৰীত পূৰ্বতে প্ৰাৰ্থী দিছিলো।এটা সময়ত আমি তিনিটা সমষ্টিত জয়ী হৈছোঁ।কংগ্রেছে যাতে আমাক ব্লেম দিব নোৱাৰে তাৰ বাবে আমি সকলো সমষ্টিত প্ৰাৰ্থী নিদিওঁ।'
ইফালে নগাঁও-কলিয়াবৰ কংগ্ৰেছে আমাক এৰি দিলে আমাৰ প্ৰাৰ্থী জয়ী হ'ব বুলি উল্লেখ কৰি ইছলামে কয়- যোৱা লোকসভা নিৰ্বাচনত আমাৰ সমৰ্থন নথকা হলে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ জয়ী হ'ব নোৱাৰিলে হেঁতেন।

Your Comments