কংগ্ৰেছৰ সকলো গাড্ডাৰ, প্ৰতাৰকে ভৰি আছে কংগ্ৰেছ: AIUDF-বিজেপি

A

নিউজ ডেস্ক:

"বিজেপিলৈ কোনো বিধায়ক যাব নালাগে।জন বিৰোধী নীতিৰ বাবে জনতাৰ মনত তিতা হৈছে বিজেপি।সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে এআইইউডিএফলৈ আহক"- এই আহ্বান বিধায়ক আশ্ৰাফুল হুছেইনৰ।কংগ্ৰেছৰ কিছু বিধায়ক বিজেপিলৈ যাব বুলি কোৱা প্ৰসংগত তেওঁ কয়-অসমত নতুনত্ব পৰিৱেশ সৃষ্টি হ’ব।কংগ্ৰেছ দলে বিৰোধী ভূমিকা লব পৰা নাই।এই সুযোগ এ আই ইউ ডি এফে লব লাগিব।

আনহাতে কংগ্রেছে গাড্ডাৰ চিনাক্ত আজিও কৰিব নোৱাৰা প্ৰসংগত হুছেইনে কয়- কংগ্ৰেছৰ সকলো বিধায়কে গাড্ডাৰ।২২গৰাকী গাড্ডাৰৰ লিষ্ট প্ৰকাশ কৰিলে কংগ্ৰেছত নাথাকিব কোনো।গাড্ডাৰৰ লিষ্ট প্ৰকাশ নকৰে কংগ্ৰেছে।

ইফালে কংগ্ৰেছৰ গাড্ডাৰ বিধায়কৰ বিচাৰ কেতিয়া কিদৰে হ’ব সেই প্ৰসংগত কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয়- আদালতত যেনেকৈয়ে পৰ্যায় ক্ৰমে বিচাৰ প্ৰক্ৰিয়া চলে আমাৰ বিধায়কৰ বিচাৰো থিক একেদৰে চলিছে।হাইকামাণ্ডে চলাই আছে প্ৰক্ৰিয়া ৷কোনোবাই ভাল পালে বা বেয়া পালেও আমাৰ দলটো হাইকামাণ্ড ভিত্তিক দল।

আনহাতে গাড্ডাৰ বিধায়ক চিনাক্ত কৰিব নোৱাৰাক লৈ বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয়- প্ৰতাৰক আৰু গাড্ডাৰৰ মাজত কোনো পাৰ্থক্য নাই।কংগ্ৰেছৰ সকলোবোৰ গাড্ডাৰ-প্ৰতাৰক।গতিকে গাড্ডাৰক কিদৰে চিনাক্ত কৰিব গাড্ডাৰে।বিগত ৬০বছৰে অসমবাসীক প্ৰতাৰণা কৰিলে কংগ্ৰেছে।

Your Comments