দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা, ৰেলিং ভাঙি ৰাজপথত বাগৰিল ৰদ ভৰ্তি ট্ৰাক

A

নিউজ ডেস্ক:
গুৱাহাটীৰ দিছপুৰ জনতা ভৱনৰ সন্মুখত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷দ্ৰুতবেগী ট্ৰাকে জনতা ভৱনৰ সন্মুখত পথৰ  ৰেলিং মহতীয়াই ৰাজপথতে বাগৰি পৰে।এই ভয়ংকৰ দুৰ্ঘটনাত আহত হয় তিনিজনকৈ ট্ৰাক আৰোহী।
উল্লেখ্য যে ৰদ ভৰ্তি মালবাহী ট্ৰাকখনে ৰাস্তাৰ মাজত থকা ৰেলিং মহতীয়াই লৈ যায়।দুৰ্ঘটনাগ্রস্ত ট্ৰাক খনৰ নম্বৰ এ.এছ ০১ বি.চি ৯০৭৩।ট্ৰাকখনত আছিল ৬জন আৰোহী ৷তাৰ ৪গৰাকী শ্ৰমিক,এজন হেন্দিমেনৰ লগতে চালক৷ইফালে দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে ট্ৰাকৰ চালক।দুৰ্ঘটনাতো ইমান ভয়ংকৰ আছিল যে পথৰ ৰেলিং সমূহ সম্পূৰ্ন ৰূপে ভাঙি যোৱাৰ লগতে ট্ৰাক খনৰ আগৰ চকাযোৰ খুলি যায়৷

Your Comments