মুক্তি পাব বৰ্ষাশ্ৰীয়ে! আৰক্ষীয়ে সহায় কৰিব- ডিজিপি ভাস্কৰজ্যোতি মহন্ত

A

নিউজ ডেস্ক :
বিপ্লৱী কবিতা লিখি কাৰাবন্দী হৈ থকা টীয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ মুক্তিৰ প্ৰসংগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ মন্তৱ্য।শীঘ্ৰে মুক্তি লাভ কৰি মুকলি আকাশৰ তললৈ আহিব পাৰে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে।বৰ্ষাশ্ৰী মুকলি আকাশৰ তললৈ আহিবলৈ অসম আৰক্ষীয়ে সহায় কৰিব বুলি উল্লেখ কৰি মহন্তই কয় "বৰ্ষাশ্ৰীয়ে কবিতা লিখা বাবে নহয়, 'স্বাধীন অসম' বুলি টেগ লাইন লিখাৰ বাবেহে কাৰাগাৰত আছে।তাই এটা টেগ লাইন লিখিছিল "স্বাধীন অসম" বুলি৷বৰ্ষাশ্ৰী সৰু ছোৱালী, তাইৰ সৈতে আমি অভিভাৱকৰ ভূমিকা পালন কৰিছো।আলফাত নোযোৱাৰ নিশ্চয়তা দিলেই আৰক্ষীয়ে মুকলি কৰাত সহায় কৰিব।
ইফালে আৰক্ষী প্ৰধান গৰাকীয়ে কয়-বৰ্ষাশ্ৰীৰ পৰিয়ালৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছো।আলফালৈ যাবলৈ বিচৰা যুৱক-যুৱতীক কাউন্সেলিঙৰ লগতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰৰো ব্যৱস্থা কৰিছে৷নৱপ্ৰজন্মক উদ্দেশ্য কৰি তেওঁ আৰু কয়- আবেগত উটি ভাঁহি যাওক, কিন্তু নিষিদ্ধ সংগঠনৰ ফালে মন মেলিব নালাগে।

Your Comments