ৰাষ্ট্ৰপতি নিৰ্বাচন; AIUDFৰ ঘৰত ভোট বিচাৰি বিজেপিৰ চাহ জনগোষ্ঠীয় বিধায়ক

A

 

B

নিউজ ডেস্ক:
প্ৰসংগ ৰাষ্ট্ৰপতি নিৰ্বাচন।বিৰোধী দলৰ বিধায়কৰ ঘৰে ঘৰে শাসকীয় বিজেপিৰ চাহ জনগোষ্ঠীয় বিধায়কৰ ভোট ভিক্ষা।মন্ত্ৰী সঞ্জয় কিষানৰ নেতৃত্বত দিছপুৰৰ বিধায়ক আৱাসত দলটোৱে এন ডি এৰ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুক ভোট দিয়াৰ আহ্বান কৰে বিৰোধী বিধায়কসকলক।বিধায়ক ৰূপেশ গোৱালা, ৰূপজ‍্যোতি কুৰ্মী, তেৰচ গোৱালাকে ধৰি বহুকেইজন বিধায়ক এই ভোট ভিক্ষাত উপস্থিত থাকে।
কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কমলাক্ষ ডে পুৰকায়স্হ, নুৰুল হুদাৰ ঘৰত প্ৰচাৰ চলায় দলটোৱে।
ইয়াৰ পৰৱৰ্তী সময়ত AIUDFৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ বাসগৃহত উপস্থিত হৈ বদৰুদ্দিন আজমল প্ৰমুখ্যে AIUDFৰ অধিকাংশ বিধায়কক সাক্ষাৎ কৰে।তাৎপৰ্যপূৰ্ণ কথা এই যে,মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত আজমলৰ ভোট নালাগে বুলি দম্ভালি মাৰি অহাৰ সময়তে শাসকীয় বিধায়কে AIUDFক ভোট ভিক্ষা কৰা প্ৰসংগই সচেতন মহলত চৰ্চা লাভ কৰিছে।
ইফালে বিধায়কসকলক উদ্দেশ্য কৰি আজমলে কয়- দ্ৰৌপদী জয়ী হ’ব সেয়া ১০০শতাংশ নিশ্চিত।

Your Comments