
নিউজ ডেস্ক:
"গণতান্ত্ৰিক দেশ এখনত হাতত অস্ত্ৰ তুলি বিপ্লৱ কৰক তাক কামনা নকৰো।কিন্তু বৰ্ষাশ্ৰী আলফালৈ যাব আৰু গণেশগুৰিত বোমা বিস্ফোৰণ কৰিব ;মুখ্যমন্ত্ৰীৰ লগত কি এনে তথ্য আছে ৰাজহুৱা কৰিব লাগে"- এই দাবী কংগ্ৰেছৰ বিধায়ক আব্দুল ৰহিম আহমেদৰ।'কবিতাটো বিপ্লৱী হয়, কিন্তু বৰ্ষাৰ ক্ষেত্ৰত পুলিচে ক’ত কি তথ্য পালে তাক অসমৰ ৰাইজে জানিব বিচাৰে বুলি লগতে তেওঁ কয়।
গণতান্ত্ৰিক দেশ এখনত হাতত অস্ত্ৰ তুলি বিপ্লৱ কৰক তাক কামনা নকৰো।কিন্তু আলফালৈ যুৱক-যুৱতীক লৈ যাব বিছাৰিছিল সেইখিনি তথ্য ৰাজহুৱা হোৱাটো আমি বিচাৰোঁ।মুখ্যমন্ত্ৰীয়ে শাসনৰ দায়িত্ব লৈয়ে শান্তিৰ পৰিৱেশ বিৰাজ কৰা বুলি জহাই ফুৰিছিল।কিন্তু আজি জাকে জাকে ল’ৰা-ছোৱালী আলফালৈ গৈছে কিয় তাক বাধা দিব পৰা নাই!যিসকল আলফালৈ গ’ল তেওঁলোকক কিয় উভতাই আনিব পৰা নাই।আলফাৰে আলোচনা কৰি মূল সুঁতিলৈ তেওঁলোকক উভতাই আনিব লাগে-ৰহিমে কয়।
মুখ্যমন্ত্ৰীয়ে উদ্যোগ লৈ আলফাৰ সমস্যাটো চিৰদিনলৈ সমাধান কৰক।তাকে নকৰি কবিতা লিখা বাবে জধে মধে ল’ৰা-ছোৱালীক জেলত দিয়া অসমৰ বাবে ভাল কথা হ’ব নোৱাৰে- কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে কয়।
মন্ত্ৰী সঞ্জয় কিষানে আলফাক ক্ষমা খুজিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল কাৰণ দৰ্শোৱাৰ জাননী দিলে।তাৎক্ষণিক ভাৱে বৰ্খাস্তৰ দাবী জনাইছিলো।জেললৈ প্ৰেৰণ কৰিব লাগিছিল।চৰকাৰে নিষিদ্ধ ঘোষণা কৰা আলফাক মন্ত্ৰীয়ে ক্ষমা খোজাটো চৰকাৰৰ অস্তিত্ব আছে বুলি নাভাবোঁ- ৰহিমে কয়।
- Log in to post comments
- 10 views