
নিউজ ডেস্ক:
কাৰাগাৰৰ ভিতৰতে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই অৱতীৰ্ণ হৈছে স্নাতক দ্বিতীয় ছেমিষ্টাৰৰ পৰীক্ষাত।বিপ্লৱী কবিতা লিখি বিগত ৫৮টা দিন গোলাঘাট কাৰাগাৰত বন্দী হৈ আছে টীয়কৰ বৰ্ষাশ্ৰী।দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী বৰ্ষাশ্ৰীৰ গুৰু বিষয় আছিল অংকশাস্ত্ৰ।কাৰাগাৰৰ এটা সুকীয়া কোঠাত শনিবাৰে পুৱা ৯বজাৰ পৰা পৰীক্ষাত বহে ছাত্ৰী গৰাকীয়ে।পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত থাকে গোলাঘাটৰ এ.আই.ডিচি অম্লান ফুকন।উল্লেখ্য যে আদালতৰ অনুমতি লাভ কৰি পৰীক্ষাত বহে মেধাৱী ছাত্ৰী গৰাকীয়ে।
ইফালে পুৱাই আৰক্ষীয়ে ডি চি বি কলেজৰ পৰা ছাত্ৰী বৰ্ষাশ্ৰীৰ বাবে লৈ আহে প্ৰশ্নকাকত।তাৎপৰ্যপূৰ্ণ কথা এই যে, বিপ্লৱী কবিতা লিখা বৰ্ষাশ্রী ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বন্দী হৈ আছে।আনহাতে বৰ্ষাশ্ৰীৰ মুক্তিৰ বাবে সমগ্ৰ ৰাজ্যজুৰি দাবী উঠিছে।
- Log in to post comments
- 9 views