মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ সকলোৱে নাপায় আনন্দৰাম বৰুৱা বঁটা

A

 

B

নিউজ ডেস্ক:
হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত প্ৰথম বিভাগ প্ৰাপ্ত সকলোৱে নাপায় আনন্দৰাম বৰুৱা বঁটা।চৰকাৰৰ নিৰ্দেশ মৰ্মে ছেবাই জাৰি কৰিলে এই নিৰ্দেশনা।কেৱল ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ লাভ কৰা উত্তীৰ্ণইহে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটাৰ মাননী ৷ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে জাননী প্ৰকাশ ছেবাৰ।
উল্লেখ্য যে আনন্দৰাম বৰুৱা বঁটাৰ মাননী পাব লগীয়া শিক্ষাৰ্থীসকলৰ বাবে ছেবাৰ ৱেবচাইটত মুকলি কৰা হৈছে বিশেষ পৰ্টেল।৩০জুলাই বিয়লি ৫বজালৈ মুকলি থাকিব পৰ্টেল।উত্তীৰ্ণসকলে উক্ত পৰ্টেলত জমা কৰিব লাগিব বেংক একাউন্টৰ নম্বৰ আৰু IFSC নম্বৰ।
ইয়াৰ উপৰিও শিক্ষাৰ্থীৰ নিজৰ নামত থাকিব লাগিব একাউণ্ট।শিক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু জন্মৰ তাৰিখেৰে লগ ইন কৰিব পাৰিব পৰ্টেলত।তাৎপৰ্যপুৰ্ণ কথা এই যে,২০০৫ চনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণসকলক আনন্দৰাম বৰুৱা বঁটা হিচাপে কম্পিউটাৰ বা লেপটপ প্ৰদান কৰিছিল চৰকাৰে।এইবাৰ লেপটপৰ পৰিৱৰ্তে প্ৰদান কৰিব মাননী।

Your Comments