
নিউজ ডেস্ক:
কাণ্ড জ্ঞানহীন SEBA! ফলাফল ঘোষণাৰ এমাহ এসপ্তাহৰ পিছত দশমস্থান লাভ কৰিলে এগৰাকী ছাত্ৰই।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দশম স্থান লাভ কৰিলে ছিপাঝাৰৰ এগৰাকী মেধাৱী ছাত্ৰই।ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ মেধাৱী অবিনাশ চহৰীয়াই আজি লাভ কৰে ফলাফল।ছেৱা কৰ্তৃপক্ষই বাসগৃহত উপস্থিত হৈ জনায় ফলাফল।উল্লেখ্য যে বহী পুনৰীক্ষণ কৰিছিল ছাত্ৰজনে।
গুৰুত্বপূৰ্ণ কথা এই যে যোৱা ৭জুনত ছেবাই ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লাভ কৰিছিল ৯০শতাংশ নম্বৰ।গণিত বিষয়ত লাভ কৰিছিল ৫৩নম্বৰ।বহী পুনৰীক্ষণ কৰাত মেধাৱী ছাত্ৰজনে গণিতত লাভ কৰে ১০০নম্বৰ।
তাৎপৰ্যপূৰ্ণ কথা এই যে ছেবাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হৈছিল অবিনাশে।ছেবা কৰ্তৃপক্ষৰ ভুলৰ বাবে এমাহৰ পিছত সঠিক ফলাফল লাভ কৰে ছাত্ৰ জনে।বহী পুনৰীক্ষণ কৰাত পূৰ্বে অসমীয়াত ৯১নম্বৰ পোৱা ছাত্ৰজনে বৰ্তমান ৯২নম্বৰ লাভ কৰে।ইফালে ফলাফল লাভৰ পিচতে উৎফুল্লিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ আৰু পিতৃ-মাতৃ।
- Log in to post comments
- 5 views