
নিউজ ডেস্ক:
কবিতা লিখি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক পৰীক্ষাত বহাৰ অনুমতি আদালতৰ।গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে বন্দী হৈ থকা ছাত্ৰী গৰাকীক পৰীক্ষা দিয়াৰ অনুমতি প্ৰদান কৰে।কাৰাবন্দী অৱস্থাতে নিৰাপত্তা ব্যৱস্থাৰ মাজত স্নাতক দ্বিতীয় ছেমিষ্টাৰৰ পৰীক্ষা দিব পাৰিব।উল্লেখ্য যে, বিগত ১৮মে'ত গ্ৰেপ্তাৰ হৈ বন্দী হৈ থকা ছাত্ৰী গৰাকীৰ অহা ১৬জুলাইৰ পৰা পৰীক্ষা আছে।
- Log in to post comments
- 8 views