কবিতা লিখি দুমাহে কাৰাবন্দী হৈ থকা ছাত্ৰী বৰ্ষাশ্ৰীক মুক্তিৰ দাবীত সামাজিক মাধ্যমত ব্যাপক চৰ্চা

A

B

নিউজ ডেস্ক:

আলফাক ৰাজহুৱা ক্ষমা খোজা মন্ত্ৰী সঞ্জয় কিষানক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে কিন্তু দুটা শাৰীৰ কবিতা লিখা বাবেই ১৯বছৰীয়া ছাত্ৰী বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়গোহাঁইক কাৰাবন্দী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহবিভাগে।ভাৰতীয় সংবিধানৰ বাক্ স্বাধীনতা চূড়ান্তভাৱে খৰ্ব কৰিছে।শীঘ্ৰে মুক্তি দিব লাগে বৰ্ষাশ্ৰীক- এই দাবী ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ নেতা প্ৰাঞ্জল কলিতাৰ।
আনহাতে বৰ্ষাশ্ৰীক প্ৰয়োজনত আইনী সাহায্য প্ৰদান কৰিব কংগ্ৰেছে।ইতিমধ্যে পৰিয়ালৰ সৈতে যোগাযোগ কৰা বুলি উল্লেখ কৰি কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়-বিপ্লৱী গান বহুতে লিখে কিন্তু এইয়া অপৰাধ হ’ব নোৱাৰে।বৰ্ষাশ্ৰীয়ে প্ৰকৃততে আলফাৰ বিষয়ত কবিতা লিখিছিল নে নাই সন্দেহ আছে।
ইফালে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীত সামাজিক মাধ্যমত বিভিন্ন জনে দাবী জনাইছে।উল্লেখ্য যে ,চলিত বর্ষৰ ১৭মে'ত  বিপ্লৱী কবিতা লিখাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যোৰহাট টীয়কৰ বৰ্ষাশ্ৰীক।যোৰহাট ডিচিবি কলেজৰ অংক বিষয়ৰ স্নাতক দ্বিতীয় ছেমিষ্টাৰৰ ছাত্ৰী বৰ্ষাশ্ৰী দুমাহে কাৰাবন্দী হৈ আছে।শেহতীয়া ভাৱে পুনৰ ন্যায়ালয়ে নাকচ কৰিছে বৰ্ষাশ্ৰীৰ জামিন।অহা ১৮জুলাইৰ পৰা ছেমিষ্টাৰৰ পৰীক্ষা আছে ছাত্ৰী গৰাকীৰ।

Your Comments