সাংসদ বদৰুদ্দিন আজমলক মানসিক চিকিৎসালয়ত ভৰ্তি হোৱাৰ আহ্বান- বিধায়ক কমলাক্ষ ডে পুৰকায়স্হ

A

নিউজ ডেস্ক:

"সাংসদ বদৰুদ্দিন আজমল মানসিক চিকিৎসালয়ত যাওঁক।বৰ্তমানৰ কথা বতৰাত মানুহজনক মানসিকভাৱে অসুস্থ যেন লাগে"-মন্তৱ্য কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্হৰ।
এআইইউডিএফৰ মুৰব্বী আজমলে ঈদৰ পূৰ্বে কংগ্ৰেছ বিধায়ক কমলাক্ষ ডে পুৰকায়স্হই গৰুৰ মাংস খাই বুলি সংবাদ মাধ্যমত বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ প্ৰসংগত ইতিমধ্যে বৰাকৰ বিধায়ক গৰাকীয়ে গোচৰ ৰুজু কৰিছে।বদৰুদ্দিন আজমলে মৌলানা সমাজক অপমান কৰিছে।আজমল মৌলানা হয় নে নহয় সন্দেহ আছে।তেওঁৰ এনে কথাই হিন্দু সমাজক আঘাত কৰিছে।ভাৰতীয় সংবিধানৰ ৫০০/৫০৫/২৯৪(ক) ধাৰাত গোচৰ ৰুজু কৰা বুলি কমলাক্ষই কয়।
ইফালে গোচৰ দাখিলৰ পিছতো বৰ্তমানলৈ আজমলৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে-মুখ্যমন্ত্ৰীৰ কাষৰ মানুহ আজমল।গতিকে ব্যৱস্থা নলয় আৰক্ষীয়ে।কিন্তু মই এৰি নিদিওঁ।আজমললৈ বিদেশী টকা আহে বুলি এটা সময়ত খবৰ ওলাইছিল।মুখ্যমন্ত্ৰীয়ে চিবিআই-চিআইডি জৰিয়তে তদন্ত কৰিব বুলি কৈছিল।কিন্তু আজমল তেওঁলোকৰ নিজৰ মানুহ হোৱা বাবে শেষত একো ব্যৱস্থা নললে- পুৰকায়স্হই কয়।আজমলে বিজেপি বি-টিম হৈ কাম কৰি আছে বুলি বিস্ফোৰক অভিযোগ তুলি বিধায়ক গৰাকীয়ে কয়-বিজেপি দল, মন্ত্ৰী পিযুষ হাজৰিকাৰ দৰে ব্যক্তিয়ে আজমলৰ গুৰুত্বতা বৃদ্ধি কৰিছে।

Your Comments