জাপানীজ এনকেফেলাইটিছত কিমান ৰোগী আক্রান্ত হৈছে ৰাজ্যত; জিএমচিএইচৰ অধীক্ষকে কি কলে পঢ়ক

A


নিউজ ডেস্ক:
ৰাজ্যত বান-গৰাখহনীয়াৰ ভয়াৱহতাৰ মাজতে দৈনিক বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱ।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জাপানীজ  এনকেফেলাইটিছ ৰোগত আক্ৰান্ত চাৰি গৰাকী ৰোগীৰ বৰ্তমানলৈ মৃত্যু হৈছে।চিকিৎসালয় কৰ্তৃপক্ষই জানিব দিয়া মতে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা বৰ্তমানলৈ ২৮গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী ধৰা পৰিছে।ইয়াৰ ২০গৰাকী চিকিৎসাধীন হৈ থকাৰ লগতে ৪ গৰাকীৰমৃত্যু হৈছে।জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই জানিবলৈ দিয়া মতে- এই পৰ্যন্ত এনকেফেলাইটিছ ৰোগ সদৃশ ৰোগত আক্ৰান্ত বহুৰোগী জিএমচিএইচ ভৰ্তি হৈ আছে।পহিলা এপ্ৰিলৰ  পৰা তেনে লক্ষণ থকা ৰোগী আজিলৈ ১১৮গৰাকীৰো অধিক আহিছে।সম্প্ৰতি ৫৮গৰাকী ৰোগী চিকিৎসাধীন হৈ থকা বুলি তেওঁ লগতে কয়।
তাৎপৰ্যপূৰ্ণ কথা এই যে জিএমচিএইচত দৰং, শোণিতপুৰ, মৰিগাওঁ, নগাওঁ, বৰপেটা, নলবাৰী আদি স্থানৰ পৰা ৰোগী আহিছে।জ্বৰ, মূৰ বিষ হলে তাৎক্ষণিক ভাৱে চিকিৎসা কৰাৰ আহ্বান জনোৱাৰ লগতে পথাৰলৈ গলে হাত দীঘল কাপোৰ পৰিধান কৰাৰো আহ্বান জনায় তেওঁ।
উল্লেখ্য যে  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্রকাশ কৰা তথ্য অনুসৰি যোৱা এপ্ৰিলৰ পৰা ১২জুলাইলৈ সমগ্র অসমত ১১৫জন জাপানীছ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে।তাৰে  ১৩গৰাকী আক্রান্তৰ মৃত্যু হৈছে ।

Your Comments