
নিউজ ডেস্ক:
কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীক বদলি।কামৰূপৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি জল্লীক।উল্লেখ্য যে কাছাৰৰ শেহতীয়া বানপানীৰ সময়ত সামাজিক মাধ্যমত অধিক চর্চা হৈছিল জল্লী।ডাম্পাৰত উঠি বানাক্ৰান্তৰ খবৰ লৈছিল জল্লীয়ে।দক্ষ প্ৰশাসনিক বিষয়া গৰাকীয়ে বান-বোকা ফালিও ক্ষতিগ্ৰস্তৰ কাষলৈ যোৱা ছবি সামাজিক মাধ্যমত অধিক ভাইৰেল হৈ পৰিছিল।উপায়ুক্ত গৰাকীৰ কৰ্মক বহুতেই প্ৰশংসাৰে উপচাই পেলাইছিল।
আনহাতে জল্লীৰ স্থানত কাছাৰত নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৰোহন কুমাৰ ঝাক।
ইয়াৰ উপৰিও অন্য বহুকেইখন জিলাত নতুন উপায়ুক্ত নিযুক্তি দিয়া হৈছে।গোৱালপাৰাত খনিন্দ্ৰ চৌধুৰী, নগাঁৱত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বৰপেটাত আয়ুস গাৰ্গ, চিৰাং জিলাত বিজয় ভাস্কৰ ৰেড্ডী, বাক্সাত মচন্দ মাগদালিন পাৰ্টিনক নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
- Log in to post comments
- 14 views