
নিউজ ডেস্ক:
প্ৰাপ্য দাবীত ৰাজপথত অঙ্গনবাড়ী আৰু কর্মী সহায়িকা সন্থা।গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত দেশজুৰি দাবী দিৱস ৰূপায়ণ কামৰূপ(ম) জিলা সমিতিৰ।অঙ্গনবাড়ী কর্মী আৰু সহায়িকা মজুৰীৰ বৃদ্ধিৰ লগতে বহু কেইটা দাবীৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।
উচ্চতম ন্যায়ালয়ৰ ৰায় মতে গ্ৰেচুইটি প্ৰদান কৰা দাবীৰে হাতে হাতে প্লে-কাৰ্ড লৈ ওলাই আহে কর্মীসকল।উল্লেখ্য যে বিভিন্ন সময়ত তেওঁলোকে প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই চৰকাৰ তথা বিভাগে।অসম চৰকাৰ হায় হায়, হয় আমাক প্ৰাপ্য দিয়ক নহয় আমাক কামৰ পৰা উলিয়াই দিয়ক, উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান কৰক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে কর্মীসকলে।
গুৰুত্বপূৰ্ণ কথা এই যে,আজি সমগ্ৰ ৰাজ্য জুৰি কৰ্মীসকলে সাব্যস্ত কৰিছে প্ৰাপ্য দাবীত প্ৰতিবাদ।
- Log in to post comments
- 9 views