
নিউজ ডেস্ক:
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত অনুতীৰ্ণৰ বাবে আন এক সোণালী সুযোগ।অহা ২৫জুলাইৰ পৰা ৩০জুলাইলৈকে ছেবাই অনুষ্ঠিত কৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা।ইতিমধ্যে ছেবাই প্ৰকাশ কৰিলে পৰীক্ষাৰ সময়সূচী।
উল্লেখ্য যে,যিসকলে পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ ইতিমধ্যে পূৰণ কৰিছে তেওঁলোকে বহিব পাৰিব পৰীক্ষাত। মেট্ৰিক, হাইমাদ্ৰাছাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ২৫ জুলাইত ইংৰাজী বিষয়, ২৬ জুলাইত মাতৃভাষা বিষয়, ২৭জুলাইত গণিত বিষয়, ২৮ জুলাইত সমাজ বিজ্ঞান বিষয়, ২৯ জুলাইত সাধাৰণ বিজ্ঞানৰ বিষয়, ৩০জুলাইত ভূগোল, ইতিহাস, হিন্দী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
- Log in to post comments
- 14 views