চানমাৰিত ডেলিভাৰী বয় লৈ চোকা অস্ত্ৰধাৰি ডাইমণ্ড চৌধুৰীৰ চোঁচা

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ চানমাৰি মিলনপুনৰত চঞ্চল্যকৰ ঘটনা।ডেলিভাৰী বয়ক চোকা অস্ত্ৰৰে আক্ৰমণ এজন লোকৰ।E-Com Expressত কৰ্মৰত ডেলিভাৰী বয়' ৰাতুল দাসক আক্ৰমণ  কৰে ডাইমণ্ড চৌধুৰীয়ে।
উল্লেখ্য যে ডাইমণ্ড চৌধুৰীৰ ঘৰত অহা পাৰ্চেল দিবলৈ গৈ আক্ৰমনৰ সন্মুখীন হয় যুৱকজন।যুৱকজনে দিয়া অভিযোগ মতে পইচা বিচাৰোতে লোকজনে এখন তৰোৱাল সদৃশ চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ খেদি আহে।ভাগ্য ক্ৰমে যুৱকজনে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে।তাৎপৰ্যপূৰ্ণ কথা এই যে,ডাইমণ্ড চৌধুৰীৰ বাসগৃহৰ প্ৰথম মহলাৰ পৰা যুৱকজনে প্ৰাণৰ ভয়ত তললৈ পলাই নামি আহে যদিও উত্তেজিত লোকজনে তৰোৱাল সদৃশ দীৰ্ঘল অস্ত্ৰখন লৈ বেয়া শব্দৰে গালি গালাজ কৰে। পূৰ্বেও বহুবাৰ জেললৈ গৈছিল ধৃত ডাইমণ্ড।ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতেই যুৱকজনে চানমাৰি আৰক্ষীক অৱগত কৰে।ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Your Comments