
নিউজ ডেস্ক:
নগাঁও আৰক্ষীৰ ভুৱা এনকাউন্টাৰত গুৰুতৰভাৱে আহত ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বাসগৃহত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠনৰ প্ৰতিনিধি।জাতীয় যুৱ শক্তিৰ সভাপতি লাকীমণি বৰাৰ নেতৃত্বত উপস্থিত এটা সঁজাতি দল।উল্লেখ্য যে,ড্ৰাগছৰে জড়িত থকাৰ গুৰুতৰ অভিযোগত নগাঁও আৰক্ষীয়ে গুলীবিদ্ধ কৰিছিল কীৰ্তিকমলক।
ইফালে সমগ্ৰ ঘটনা আৰক্ষীৰ ভুলৰ বাবে সংঘটিত হোৱা বুলি শেহতীয়াভাৱে তদন্তকাৰী সন্থাই প্ৰতিবেদন দাখিল কৰিছে আদালতত।
আনহাতে জাতীয় যুৱ শক্তিৰ সভাপতি লাকীমণি বৰাই কয়-মুক্তহত্যাৰ নায়ক হবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা।ন্যায়ালয়ক বুঢ়া আঙুলি দেখুৱাই চৰকাৰে পুলিচৰাজ চলাইছে।কীৰ্তি কমল বৰাক সংস্থাপনৰো দাবী জনায় নেত্ৰী গৰাকীয়ে।
- Log in to post comments
- 7 views