
নিউজ ডেস্ক:
কটন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাই আজি স্মৰণ কৰে ভাষা শ্বহীদ ৰঞ্জিত বৰপূজাৰীক।কটন বিশ্ববিদ্যালয়ৰ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমীয়া ভাষা আন্দোলনৰ অন্যতম পুৰোধা ব্যক্তি গৰাকীক।শ্ৰদ্ধাঞ্জলি অনুস্থানত উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক চম্পাকলি তালুকদাৰে দিনটোৰ তাৎপৰ্য বাখ্যা কৰে।লগতে তেওঁক গুলীয়াই হত্যা কৰা সেই কলা দিনটোৰো ব্যাখ্যা কৰে।ইফালে কৰ্মচাৰী সন্থাৰ সভাপতি অপূৰ্ব শৰ্মাই অসমীয়া ভাষাৰ গুৰুত্ব বুজাই দি অসমীয়া ভাষা জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়াক প্ৰাণ দিবলৈও সাজু থকাৰ আহ্বান জনায়।
- Log in to post comments
- 7 views