আৰম্ভ হ’ল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা

A

নিউজ ডেস্ক:

আজিৰে পৰা গুৱাহাটীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আৰম্ভ হৈছে চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা৷প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন স্থানৰ উপৰিও পশ্চিম বংগ, বিহাৰ, মেঘালয়, নগালেণ্ড, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা তথা বাংলাদেশৰ পৰা অহা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।৬৩ গৰাকী ফিডে ৰেটেড খেলুৱৈসহ মুঠ ১৪০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খন ৮জুলাইত অন্ত পৰিব।
আজি প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰে।উদ্বোধনী অনুষ্ঠানত দবা খেলুৱৈ অভিভাৱক ফ’ৰামৰ সভাপতি ড° শিবেন দত্ত, কোষাধ্যক্ষ চুজাউল ইছলাম হাজৰিকা, সহকাৰী সম্পাদক বিমল শৰ্মা, অধিবক্তা শান্তনু বৰঠাকুৰ আৰু মুখ্য আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকে।আন্তঃৰাষ্ট্ৰীয় ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ মুখ্য আৰ্বিটাৰ হিচাপে থকাৰ লগতে মাণিক দত্ত তথা বিভিন্ন গৰাকী আৰ্বিটাৰে প্ৰতিযোগিতা খন পৰিচালনা কৰে৷ আজিৰ খেলত শীৰ্ষ বাছনিত পশ্চিম বংগৰ অৰ্পণ দাসে অসমৰ অথৰ্ব মহন্তক পৰাজিত কৰে।

Your Comments