অনিল নগৰলৈ বিপদ; ভৰলু গাৰ্ড ৱালেৰে নিগৰিছে পানী

A

নিউজ ডেস্ক:
বিগত পাঁচ দিন কৃত্ৰিম বানত জলমগ্ন হৈ থকা গুৱাহাটী মহানগৰীৰ অনিল নগৰলৈ আন এক বিপদৰ আগজাননী ।যিকোনো মুহূৰ্তত ভাঙিব পাৰে ভৰলু গাৰ্ডৱাল।অনিল নগৰৰ ভৰলু গাৰ্ডৱাল ইতিমধ্যে ফাঁটি পানী সোমাইছে।তীব্ৰ ভয়-আশংকাৰ মাজত সময় অতিবাহিত কৰিছে অঞ্চলবাসীয়ে।উল্লেখ্য যে, পুৱাৰে পৰা  গাৰ্ডৱালখনেৰে সোমাই আছে  পানী।ইতিমধ্যে জি এম চি কৰ্তৃপক্ষই গাৰ্ডৱাল ৰখোৱাৰ বাবে বালি বস্তা যোগান ধৰিছে।ইফালে গাৰ্ডৱাল যদি ভাঙি যায় তেন্তে ৰাজগড়কে ধৰি বহুকেইটা অঞ্চললৈ নামি আহিব পাৰে বিপদ।
গুৰুত্বপূৰ্ণ কথা এই যে এতিয়াও গুৱাহাটী অনিল নগৰ কৃত্ৰিম বানপানীৰ কবলত।

Your Comments