স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউটত শীঘ্ৰে আৰম্ভ হ’ব যকৃত সংৰোপন চিকিৎসা

A

নিউজ ডেস্ক:

স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউট আৰু এন এইচত যকৃৎ সংৰোপন সেৱা (লিভাৰ  ট্ৰান্সপ্লান্ট)  শীঘ্ৰে আৰম্ভ কৰাৰ কথা সোমবাৰে সংবাদমেল যোগে  ঘোষণা কৰিছে স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউটৰ মুখ্য চিকিৎসা সঞ্চালক অধ্যাপক সুভাষ খান্নাই।তেওঁ কয় যে,দেশৰ বিভিন্ন স্থানত বৃক্ক সংৰোপন এক স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰিছে যদিও যকৃতৰ সংৰোপনৰ বাবে চৰকাৰী অনুমতি লাভ কৰাটো যথেষ্ট জটিল প্ৰক্ৰিয়া।ইয়াৰ বাবে প্ৰয়োজন বিভিন্ন অত্যাধুনিক সা-সুবিধা।অসম তথা উত্তৰ -পূৰ্বাঞ্চলত অংগ সংৰোপন কৰা ৰোগীসকলে বহুখিনি সকাহ লাভ কৰিব পাৰিব।যকৃৎ সংৰোপন এক যথেষ্ট কষ্টকৰ প্ৰক্ৰিয়া, বিশেষজ্ঞ বিশেষ  তদাৰকৰ লগতে প্ৰয়োজন হয় ব্যয়বহুল পৰীক্ষাৰ আৰু অস্ত্ৰোপচাৰ হৈ যোৱাৰ পিছতো সুদীৰ্ঘ সময় ৰোগীগৰাকীয়ে  আই চি ইউত থাকিবলগীয়া হয়।
সংৰোপনৰ সময়ত ইন্টাৰভেনছন ৰেডিঅ’লজিষ্ট আৰু ইন্টাৰভেনছন কাৰ্ডিঅ’লজিষ্ট থকা কেথ লেবৰ প্ৰয়োজন হয়।স্বাগত ছুপাৰ স্পেচিয়েলিটিত এই ব্যৱস্থা ৰখা হৈছে।চিকিৎসা কৰাৰ উপৰিও ৰোগীগৰাকীয়ে সুদীৰ্ঘ সময় চিকিৎসালয়ত থাকিবলগীয়া হয় আৰু গোটেই জীৱন নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ লবলগীয়া হয়।এনে পৰিস্থিতিত এটা পৰিয়ালে চিকিৎসাজনিত ঋণ লবলৈও বাধ্য হৈ পৰে।বৰ্তমান ভাৰতৰ মেট্ৰ’ চহৰসমূহত এনে অস্ত্ৰোপচাৰৰ ব্যয় ৩০-৪০ লাখ টকা আৰু যকৃৎ সংৰোপন কৰিব পৰাকৈ আমাৰ দেশত বৰ্তমান ৩-৪টা প্ৰতিষ্ঠানহে আছে।স্বাগত হাস্পাতালে এনে চিকিৎসাৰ ব্যয় হ্ৰাস কৰিব বিচাৰিছে। যকৃতৰ গুৰুতৰ ৰোগত ভুগি থকা লোকৰ সংখ্যা বৃদ্ধি আৰু যকৃতৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাবৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী নাগৰিকৰ বাবেই স্বাস্থ্য বীমাৰ যথেষ্ট প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।

Your Comments