গুৱাহাটীত কানহাইয়া কুমাৰৰ সভাত উত্তপ্ত পৰিস্থিতি

গুৱাহাটীত কানহাইয়া কুমাৰৰ সভাত উত্তপ্ত পৰিস্থিতি

কানহাইয়া কুমাৰৰ সভাত উত্তপ্ত পৰিস্থিতি ৷

মোডীক সমালোচনা কৰি থকাৰ বাবে মোডী সমৰ্থকে উভতি ধৰিলে ছাত্ৰ নেতাজনক ।

গুৱাহাটীত কানহাইয়া কুমাৰৰ সভাত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে ইনছাইড এন ই নামৰ এটা নিউজ পৰ্টেলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বাঁওপন্থী নেতাজন আজি গুৱাহাটীলৈ আহিছে ৷

পাণবজাৰৰ ডন বস্ক' স্কুলৰ প্ৰেক্ষাগৃহত চলি থকা অনুষ্ঠান ভাষণ দি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷

গুৱাহাটীত কানহাইয়া কুমাৰৰ সভাত উত্তপ্ত পৰিস্থিতি

দৰ্শকৰ শাৰীত থকা মোডীৰ সমৰ্থকে পিছফালৰ পৰা কানহাইয়াৰ বক্তব্যৰ বিৰোধিতা কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

বাঁওপন্থী ছাত্ৰ নেতাজনে আজি প্ৰথমৰে পৰাই মোডী চৰকাৰখনক তীব্ৰ সমালোচনা কৰি বক্তৃতা ৰাখে ।

কানহাইয়াৰ মোডী চৰকাৰৰ বিৰুদ্ধে স্পষ্ট আৰু চোকা সমালোচনাত বিজেপিৰ সমৰ্থক হিচাপে সন্দেহ কৰা এই দুজন ব্যক্তিয়ে প্ৰেক্ষাগৃহৰ পিছফালৰ পৰা চিঞৰি উঠে ৷

ফলত কিছু সময়ৰ বাবে স্থগিত হৈ পৰে সভাৰ কাৰ্যসূচী ৷

গুৱাহাটীত কানহাইয়া কুমাৰৰ সভাত উত্তপ্ত পৰিস্থিতি

ইয়াৰ সমান্তৰালভাৱে কানহাইয়া কুমাৰৰ সমৰ্থকসকলে কানহাইয়া জিন্দাবাদ ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে ।

পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে আৰক্ষী আহি উপস্থিত হয় সভা গৃহত ৷

Your Comments