গুৱাহাটীৰ হাটীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড; এগৰাকী মৌলানাক হানি-খুচি হত্যা

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।জাপৰিগোগ  হত্যাকাণ্ডৰ ঘটনা মাৰ নাযাওতেই মহানগৰীৰ হাতীগাওঁ ফ্ৰেইণ্ডছ পথত সংঘটিত আন এক হত্যাকাণ্ড।বাসগৃহৰ ভিতৰতে সন্দেহযুক্ত দুৰ্বৃত্তই হানি খুচি হত্যা কৰে  মৌলানা জৈয়নুদ্দিন আহমেদ কাছিমীক।দেওবাৰে নিশা এই ঘটনা সংঘটিত হৈছে।পুৱা প্ৰত্যেক্ষ কৰা মৃতদেহটোত আঘাটৰ চিন স্পষ্ট হৈ আছে।উল্লেখ্য যে পথটোৰ ৪২নং বাসগৃহত এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে।দুৰ্বৃত্তই গ্ৰীল ভাঙি প্ৰৱেশ কৰিছিল ঘৰটোৰ ভিতৰত।আব্দুল হক নামৰ অভিযন্তাৰ গৰাকীৰ ঘৰত আছিল মৌলানা গৰাকী।হকৰ চিকিৎসাৰ কামত বাহিৰলৈ যোৱাৰ বাবে ঘৰৰ ৰখীয়া হিচাপে আছিল তেওঁ।প্ৰাপ্ত তথ্য মতে নিশা নিজ ঘৰৰ  পৰা ১১.৩০বজাত অভিযন্তা গৰাকীৰ ঘৰলৈ বুলি ওলাই গৈছিল মৌলানা জৈয়নুদ্দিন।হাতীগাঁৱত গেলামালৰ দোকান আছিল মৌলানা জৈয়নুদ্দিনৰ।মৌলানা গৰাকী বিগত প্ৰায় ১৫বছৰ ধৰি এটি  কণমানি সন্তান আৰু পত্নীৰ সতে বাস কৰি  আছিল তেওঁ।
ইফালে স্থানীয় লোকে নিশা ঘৰটোত ডকাইত প্ৰৱেশ কৰি পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে।

Your Comments