প্ৰতীক হাজেলাক ক্লিনচিট; হিতেশদেৱ শৰ্মা অদক্ষ-অযোগ্য, আইনৰ সামান্য জ্ঞান নাই- বিধায়ক আমিনুল ইছলাম

A

নিউজ ডেস্ক:

"হিতেশ দেৱ শৰ্মা এজন অদক্ষ-অযোগ্য ব্যক্তি।আইনৰ সামান্য জ্ঞান নাই শৰ্মাৰ"- এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে চিআইডিত বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই গোচৰ ৰুজু কৰাৰ প্ৰসংগত বিধায়ক আমিনুল ইছলামৰ এই মন্তব্য।ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক গৰাকীয়ে প্ৰাক্তন সমন্বয়ক হাজেলাক ক্লিন চিট প্ৰদান কৰি কয়-সমন্বয়ক হিচাপে যদি ভুল আছিল তেন্তে উচ্চতম ন্যায়ালয়ক জনাব লাগিছিল।উচ্চতম ন্যায়ালয়ৰ নির্দেশত এগৰাকী বিষয়া হিচাপে তেওঁ কাম কৰিছিল।কিন্তু চিআইডিত গোচৰ ৰুজু কৰি  উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা হৈছে।
ইফালে গোচৰত এনআৰচিৰ চূডা়ন্ত তালিকা প্রকাশ কৰা ভাৰত চৰকাৰৰ পঞ্জীয়কৰ বিৰুদ্ধে নাই কোনো উল্লেখ।ভাৰত চৰকাৰৰ পঞ্জীয়কেহে সমগ্ৰ তালিকাখন প্রকাশ কৰিছিল।লগতে এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়াত ৫০ হাজাৰ অসমৰ ব্যক্তি জড়িত আছিল তেওঁলোকে কিয় বিদেশী নাম অন্তৰ্ভুক্ত কৰিব বুলিও প্রশ্ন উত্থাপন কৰে ইছলামে।
আনহাতে সমন্বয়কৰ দায়িত্বত হাজেলাক আঁতৰাই দেৱ শৰ্মাক দায়িত্ব দিয়া দুবছৰ হ’ল।কিন্তু আজিলৈকে তেওঁ নাম কৰ্তন হোৱা ১৯লাখ ব্যক্তিৰ ৰিজেকচন শ্লিপ দিব নোৱাৰিলে।বিধায়ক গৰাকীৰ দাবী শীঘ্ৰে সমন্বয়কজনক বদলি কৰি নতুন নিকা আৰু নিৰপেক্ষ ব্যক্তিক নিযুক্তি দিব লাগে।প্ৰতীক হাজেলাই নিৰপেক্ষ ভাৱে সকলোকে লগত লৈ এনআৰচিৰ উন্নীতকৰণৰ কাম আগবঢ়াইছিল- বিধায়কক ইছলামে কয়।

গুৰুত্বপূৰ্ণ কথা যে শুকুৰবাৰে চিআইডিত দেশদ্ৰোহৰ দৰে গুৰুতৰ অভিযোগত হাজেলাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ এজাহাৰ ভিত্তিত ৰুজু হৈছে এই গোচৰ।

Your Comments