মূল্যবৃদ্ধিক লৈ শাসকীয় বিধায়কক প্ৰশ্ন সুধিব নালাগে; মূল্যবৃদ্ধিক মান্যতা দিয়া হ'ব- জয়ন্তমল্ল বৰুৱা

A

নিউজ ডেস্ক:

'মূল্যবৃদ্ধিক লৈ শাসকীয় বিধায়কক প্ৰশ্ন সুধিব নালাগে।মূল্যবৃদ্ধিৰ কথা কলে মান্যতাহে দিয়া হ’ব।মূল্যবৃদ্ধি হৈছে ,আমি মানি লৈছো'-এইদৰে মত প্ৰকাশ কৰে  বিধায়ক জয়ন্তমল্ল বৰুৱাই ।“মূল্যবৃদ্ধিক লৈ সকলো চিন্তিত, বহুত বেছি আলোচনা কৰি থাকিলে মান্যতা দিবলৈ বিচৰা বুলি কোৱা হ’ব।
মূল্যবৃদ্ধিক লৈ দুয়োখন চৰকাৰে কাম কৰিছে।নীৰৱ ভাৱে কাম কৰি থকায়ে ভাল।মূল্যবৃদ্ধি কি কাৰণত হৈছে তাক কলে মানুহে মনত দুখ পায়”- বৰুৱাই কয়।
ইফালে মূল্যবৃদ্ধিক লৈ চৰকাৰখনে নীৰৱে কাম কৰা বুলিও বিধায়ক গৰাকীয়ে কয়।
তাৎপৰ্যপূৰ্ণ কথা এই যে শেহতীয়া ভাৱে সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে প্ৰতি বিধ সামগ্ৰীৰ দাম।

Your Comments