মুখ্যমন্ত্ৰীৰ স্ক্ৰীপ্টত AIUDFয়ে কাম কৰে; তিনিচুকীয়াৰ মানুহে হেলমেট নিপিন্ধে- কমলাক্ষ ডে পুৰকায়স্থ

A

নিউজ ডেস্ক:

"তিনিচুকীয়াত কোনো মানুহে হেলমেট নিপিন্ধে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল গুৱাহাটীৰ পৰিৱেশ চাই কথা কলে নহব"-এই মন্তব্য কংগ্ৰেছৰ বিধায়ক কমলাক্ষ ডে' পুৰকায়স্থৰ।
দিছপুৰ বিধায়ক আৱাসত আজি এক সংবাদমেলত কংগ্ৰেছ নেতা গৰাকীয়ে কয়-অসমত মন্ত্ৰীসভাই এতিয়া টিম হৈ কাম নকৰে।ৰাজ্যৰ সকলো বিভাগৰে মন্ত্ৰী এতিয়া স্বয়ং মুখ্যমন্ত্ৰী।বিভাগৰ কথা মন্ত্ৰীয়েই নাজানে; কিন্তু মুখ্যমন্ত্ৰীয়ে জানে।
ইফালে বদৰুদ্দিন আজমলে বিজেপি দল চলাই থকা বুলি উল্লেখ কৰি তেওঁ কয়- মাজে মাজে কংগ্ৰেছো চলাব বিচাৰে।বিজেপিক সহায়ৰ বাবে AIUDF বনাইছে।মুখ্যমন্ত্ৰীৰ স্ক্ৰীপ্টত AIUDFয়ে কাম কৰে।
আনহাতে আজমলৰ তিনিটা ৰূপ আছে  ৷তাৰে দুটা ভাল এটা বেয়া।পলিটিকেল দিশটো একদম বেয়া আজমলৰ । 
আনহাতে ৰাজ্য চৰকাৰে আজি  ২৩হাজাৰ নিযুক্তি দিয়াৰ প্ৰসংগত কংগ্রেছৰ বৰাকৰ নেতা কমলাক্ষ ডে পুৰকায়স্থই কয় যে -২৩হাজাৰ নিযুক্তিৰ ১৩হাজাৰে পূৰ্বে ঠিকাভিত্তিক ভাৱে সংস্থাপিত।ঠিকাভিত্তিক শিক্ষকক স্থায়ী সংস্থাপন দিছে।মুখ্যমন্ত্ৰীয়ে কোৱা দৰে গণি গণি নতুনক নিযুক্তি দিয়া নাই।
ইফালে কাছাৰত বিমানবন্দৰ নিৰ্মাণক লৈ ছিণ্ডিকেট চলিছে বুলি পুৰকায়স্থই কয়।কোনো ছাৰ্ভে নকৰাকৈ ড'ল বাগানক নিৰ্ধাৰণ কৰা হৈছে।বিমানবন্দৰ নিৰ্মাণৰ বাবে উঠাই পেলোৱা চাহ গছবোৰ পশ্চিমবংগত বিক্ৰী কৰি বৃহৎ অংকৰ টকা আহৰণৰ প্ৰচেষ্টা।চাহ বাগিচাখন ভাল, গছবোৰ ১০০% কম্পেক্ট।গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে বহুত স্থান আছিল।কিন্তু শাসকীয় দলৰ একাংশ নেতা ব্যক্তিগত লাভ-লাভৰ স্বাৰ্থত বাগিচাখন দেখুওৱা হৈছে।

Your Comments