কংগ্ৰেছৰ একাংশ নেতালৈ বিজেপিৰ ফাণ্ড আহে- বিস্ফোৰক মন্তব্য শ্বেৰমান আলি আহমেদৰ

A

নিউজ ডেস্ক:

কংগ্রেছত আছে মুখ্যমন্ত্ৰী হিমন্তৰ এজেন্ট।বিজেপিৰ দ্বাৰা পৰিচালিত বৰ্তমানৰ কংগ্ৰেছ।কংগ্ৰেছী নেতালৈ ব্যক্তিগত ভাৱে বিজেপিক ফাণ্ড আহে কিন্তু দলীয় ভাৱে আহে নে নাই নাজানো-এই  বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে  কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদে।৫শতাংশ আশাৰে ডিচেম্বৰলৈ কংগ্ৰেছ দলতে থাকিব শ্বেৰমান।কংগ্ৰেছৰ নেতৃত্বই এঘৰীয়া কৰিলেও কংগ্ৰেছত আশা এৰা নাই নিলম্বিত বিধায়ক গৰাকীয়ে।
উল্লেখ্য যে বাঘবৰ সমষ্টিৰ বিতৰ্কিত বিধায়ক গৰাকীৰ বিধায়ক পদ খাৰিজৰ বাবে কংগ্ৰেছ নেতৃত্বই আবেদন জনাইছে বিধানসভা অধ্যক্ষক।নেতৃত্বৰ সিদ্ধান্তত ৯৫ শতাংশ দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে যদিও ৫শতাংশ আশাৰে ডিচেম্বৰলৈ কংগ্ৰেছতে থকাৰ মন মেলিছে শ্বেৰমানে।আজি দিছপুৰ বিধায়ক আৱাসত সংবাদ মাধ্যমৰ সন্মুখত এই কথা স্বীকাৰ কৰে শ্বেৰমানে।
ৰকিবুলহতৰ দৰে সংখ্যালঘু নেতাৰ বাবে ধ্বংস হৈছে আজি কংগ্ৰেছ।কংগ্ৰেছ নিচিহ্ন হৈ গৈছে।তথা-কথিত ধৰ্মনিৰপেক্ষ কংগ্ৰেছক ভগৱান আল্লাই সুমতি দিয়ক।মোনাফেকী চৰিত্ৰ ত্যাগ, ফ্ৰেণ্ড চিটিং বন্ধ কৰি স্থিতি ষ্পষ্ট কৰাৰ আহ্বান বিধায়ক গৰাকীৰ।
ইফালে কংগ্ৰেছ দল ত্যাগ কৰিলে কোন দলত যোগদান কৰিব বুলি সোধা প্ৰশ্নত তেওঁ কয়-সমষ্টিবাসীয়ে যিয়েই সিদ্ধান্ত দিব তাক গ্ৰহণ কৰিম।বিকল্প ৰাজনৈতিক সিদ্ধান্ত লোৱাটো মোৰ বাবে প্ৰাথমিক কথা।AIUDFয়ে জেলত থকাৰ পৰা আমন্ত্ৰণ জনাই আছে।তাৰ উপৰিও ৰাইজৰ দলৰ শীর্ষস্থানীয় নেতৃত্বয়ো তেওঁলোকৰ লগত থকাৰ প্ৰস্তাৱ দিছিল।
বর্তমানৰ কংগ্ৰেছৰ নেতাসকলৰ ক্ষমতা, টকা-পইচা লোভ লালসা বাঢ়ি গ’ল, দেশমাতৃৰ সেৱা পাহৰি টকা- ক্ষমতাৰ পাছত দৌৰিছে।দেশমাতৃৰ সেৱা কংগ্রেছৰ মন মগজুত এতিয়া নাই।পৰিস্থিতি বা পৰিৱেশ চাইহে আজি কংগ্ৰেছে কথা কয়- বিতৰ্কিত বিধায়ক গৰাকীয়ে এইদৰে কয়।
আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি  কয়- ঘৃণা-বিষবাষ্প বিয়পোৱা বন্ধ কৰক।মুছলমানক অস্পৃশ্য বুলি ভাবিব নালাগে, মুছলমানেও হিমন্ত বা বিজেপিক অস্পৃশ্য বুলি ভাবিব নালাগে।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১লাখ চাকৰি দিয়া প্ৰতিশ্ৰুতিত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা বুলিও তাৎপৰ্যপূৰ্ণ ভাৱে তেওঁ কয়।

Your Comments