তৰুণ গগৈ-হিমন্ত বিশ্বক গ্ৰেপ্তাৰ নকৰাকৈ এ পি এছ চিৰ তদন্ত সম্পূৰ্ণ নহয় : অখিল গগৈ

তৰুণ গগৈ-হিমন্ত বিশ্বক গ্ৰেপ্তাৰ নকৰাকৈ এ পি এছ চিৰ তদন্ত সম্পূৰ্ণ নহয় : অখিল গগৈ

প্ৰাক্তন মূখ‍্য মন্ত্ৰী তৰুণ গগৈ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৌতম ৰয়ক গ্ৰেপ্তাৰ নকৰাকৈ এ পি এছ চিৰ তদন্ত সঠিক নহ'ব ৷ এই ভাষ্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এ পি এছ চি কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতাজনে আজি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

তেওঁ লগতে প্ৰকাশ কৰে যে এ পি এছ চিৰ যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেয়া বৰ্তমান সন্দেহৰ আৱৰ্তত ৷

এই তদন্ত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে হোৱা তদন্ত বুলিও তেওঁ উল্লেখ কৰে ৷

অধিবক্তা শৈলেন শৰ্মা বৰুৱা, সুৰজিৎ চৌধুৰীকে ধৰি আৰু ২জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা কথাটো উল্লেখ কৰি কৃষক নেতাজনে প্ৰশ্ন কৰে যে এই গোচৰটোত ধন লোৱা মুখ্য অভিযুক্ত ন‍্যায়াধীশগৰাকী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে কিয় চাৰ্জশ্বিট দাখিল কৰা হোৱা নাই ?

কৃষক মুক্তিয়ে অভিযোগ কৰে যে যদি ন্যায়াধীশগৰাকীয়ে ধন লোৱাৰ কোনো প্ৰমাণে পোৱা নাই তেন্তে কিয় ন‍্যায়াধীশক অপমান কৰি ন‍্যায়ালয়ক কালিমা সানিলে তদন্তকাৰী বিষয়া সুৰজিৎ সিঙে ?

আনহাতে, কৃষক মুক্তিয়ে তথ‍্য দিব বিচাৰিলেও গ্ৰহণ কৰিবলৈ সুৰজিৎ সিং আগ্ৰহী নহয় বুলিও অখিল গগৈয়ে সংবাদমেলত গুৰুতৰ অভিযোগ আনে ৷

Your Comments