জিএমচি মেয়ৰ-ডেপুটি মেয়ৰ, ৱাৰ্ড সদস্যৰ শপত; খং কমিল বিজেপি মেয়ৰৰ পৰা বঞ্চিত শশাংকৰ

A

নিউজ ডেস্ক:
গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত ললে জি এম চিৰ নবনিৰ্বাচিত পাৰিষদ, মেয়ৰ-ডেপুটি মেয়ৰে।৬০ জন পাৰিষদক শপত বাক্য পাঠ কৰোৱাই  কামৰূপ(ম) জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাঁই।
অনুষ্ঠানতে সংখ্যাগৰিষ্ঠ পাৰিষদৰ সমৰ্থন মৰ্মে দ্বিতীয় বাৰলৈ জিএমচি মেয়ৰ হিচাপে শপত লয় ২৯নং ৱাৰ্ডৰ পাৰিষদ মৃগেন শৰণীয়াই।ডেপুতি মেয়ৰ হিচাপে স্মিতা ৰয়ে(২২নং ৱাৰ্ড পাৰিষদ) শপত লয়।
ইয়াৰ উপৰিও প্ৰাক্তনমন্ত্ৰী তথা পূৰ্বৰ গুৱাহাটী বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰৰ বিধায়ক অতুল বৰা আৰু সাংসদ ভুৱনেশ্বৰ কলিতাই জিএমচিৰ পডেন হিচাপে শপত লয়।
নব-নিৰ্বাচিত ৬০জন ৱাৰ্ড সদস্যক টিম গুৱাহাটীৰূপে কাম কৰাৰ আহ্বান জনায় মন্ত্ৰী অশোক সিংঘালে ৷
ইফালে জি এম চি আয়ুক্তক নব-নিৰ্বাচিত পাৰিষদক লৈ এখন কৰ্মশালা আয়োজন কৰাৰো আহ্বান জনাইছে মন্ত্ৰী গৰাকীয়ে।গুৱাহাটী উন্নয়নৰ ৰোড মেপ নিৰ্মাণনৰ জৰিয়তে সকলোকে কাম কৰাৰ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।শপত গ্ৰহণ কৰা ৱাৰ্ডসদস্যক উদ্দেশ্য কৰি তেওঁ কয় যে- ব্যৱহাৰ-চৰিত্ৰতে আমাৰ সফলতা বিফলতা নিৰ্ভৰশীল হয়।
আনহাতে গুৱাহাটীৰ কৃত্ৰিম বানপানী প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয়-একে দিনাই সমাধান নহয় গুৱাহাটীৰ বানপানী।ন্যূনতম তিনিবছৰ লাগিব।প্ৰথম বছৰ ৩০ শতাংশ কাম হ'ব কৈছিলো ,বৰ্তমান বহু ঠাইত বান নিয়ন্ত্ৰণ হৈছে যদিও বহু ঠাইত হোৱা নাই।
'মেঘালয়ৰ পৰা গুৱাহাটীত বহু পানী সোমাব ধৰিছে।পানী নিয়ন্ত্ৰণৰ বাবে উচ্চস্তৰীয় কমিটিৰ গঠন কৰা হৈছে।কমিটি প্ৰতিবেদনৰ ওপৰত আলোচনা হ’ব পানী নিয়ন্ত্ৰণৰ বাবে'- মন্ত্ৰী গৰাকীয়ে কয়।
আনহাতে দ্বিতীয়বাৰলৈ মেয়ৰৰূপে শপত লৈ শৰণীয়াই কয়- গুৱাহাটীত কৃত্ৰিম বানপানী ৰোধৰ বাবে গ্রহণ কৰা হ’ব ব্যৱস্থা।
ইফালে শপতগ্ৰহণ অনুষ্ঠানত বিজেপিৰ অসন্তুষ্ট পাৰিষদ  শশাংকজ্যোতি ডেকা উপস্থিত থাকে।মেয়ৰ পদৰ প্ৰবল দাবীদাৰ হৈয়ো শেষ মুহূৰ্তত বঞ্চিত হৈছিল ৩৯নং ৱাৰ্ডৰ সদস্য গৰাকীয়ে।ক্ষোভ উজাৰি বিজেপি দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।শপত গ্ৰহণত উপস্থিত হৈ জ্যেষ্ঠ বিজেপিৰ ৱাৰ্ড সদস্য গৰাকীয়ে কয়-আজি শুভ দিন মই একো নকওঁ।খং ক্ষোভ কমিল নেকি বুলি সোধা প্রশ্নত ডেকাই কয়- যিবিলাক বস্তু জন্মত লৈ আহিছোঁ সেইয়া থাকিব।আজি একো নকওঁ কিন্তু প্ৰয়োজনত মই ক’ম।

Your Comments