ধৰ্মঘট প্ৰত্যাহাৰ : পুনৰ আৰম্ভ হ'ল ১০৮-১০২ সেৱা

ধৰ্মঘট প্ৰত্যাহাৰ : পুনৰ আৰম্ভ হ'ল ১০৮-১০২ সেৱা

আজিৰে পৰা পুনৰ চলিব ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ জৰুৰী সেৱা ১০৮ আৰু ১০২ ।

যোৱা ৫ ছেপ্টেম্বৰৰ পৰা এই দুই সেৱাৰ কৰ্মচাৰীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷

পিছত যোৱা ১৮ ছেপ্টেম্বৰত মুখ্য মন্ত্ৰীৰ আশ্বাস আৰু বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ মধ্যস্থতাত ২১ তাৰিখে আলোচনাত মিলিত হোৱাৰ সিদ্ধান্তত ধৰ্মঘটৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছিল ।

মুখ্য মন্ত্ৰীৰ আশ্বাসমৰ্মে শুকুৰবাৰে জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ১০৮ আৰু ১০২ সেৱাৰ কৰ্মচাৰীৰ এটা প্ৰতিনিধি দল আলোচনাত মিলিত হয় ।

সেই আলোচনাত কৰ্মচাৰীসকলে তেওঁলোকৰ দাবীসমূহ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক অৱগত কৰে ।

আলোচনাকালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ প্ৰায়বোৰ দাবী মানি লয় ৷ লগতে তেওঁলোকক জানিবলৈ দিয়ে যে অহা ৩০ ছেপ্টেম্বৰত স্বাস্থ্য বিভাগৰ সৈতে জি ভি কে ই এম আৰ আইৰ চুক্তিৰ ম্যাদ শেষ হ'ব ।

সেয়েহে তেওঁলোকৰ দাবীসমূহৰ ভিত্তিতে পুনৰ নতুন চুক্তি হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰে ৷

ইয়াৰ ফলশ্ৰুতিতে জৰুৰীকালীন এই দুই সেৱাৰ কৰ্মচাৰীসকলে তেওঁলোকৰ ধৰ্মঘটৰ কাৰ্যসূচী উঠাই লোৱা বুলি জানিবলৈ দিয়ে ৷

Your Comments