৩ অক্টোবৰৰ পৰা বাঢ়িব বাছ ভাৰা !

৩ অক্টোবৰৰ পৰা বাঢ়িব বাছ ভাৰা !

সৰ্বসাধাৰণ জনতাক মাধমাৰ শোধাই অহা ৩ অক্টোবৰৰ পৰা বাঢ়িব যাত্ৰীবাহী বাছৰ ভাৰা । বাছৰ লগতে বৃদ্ধি পাব সকলো ধৰণৰ মালবাহী গাড়ীৰ ভাৰাও । এই সন্দৰ্ভত সদৌ অসম মটৰ পৰিবহণ সন্থাই পৰিবহণ আয়ুক্ত সচিবলৈ এক পত্ৰ পেৰণ কৰিছে ।

পত্ৰত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে ডিজেলৰ দাম বৃদ্ধি পোৱাৰ বাবেই তেওঁলোকে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে । লগতে পৰিবহণ মন্ত্ৰীক তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনোৱাৰ আহ্বান জনায় পত্ৰখনত ।

সদৌ অসম মটৰ পৰিবহণ সন্থাই তেওঁলোকৰ পত্ৰত  পৰিবহণ বিভাগৰ আয়ুক্তক ৩০ ছেপ্টেম্বৰ ভিতৰৰ ভাড়া বৃদ্ধিৰ বাবে নির্দেশনা দিবলৈও আহ্বান জনায় ৷

যদিহে ৩০ ছেপ্টেম্বৰৰ ভিতৰত কোনো নির্দেশনা নিদিয়ে তেন্তে ৩ অক্টোবৰৰ পৰা তেওঁলোকে নিজাববীয়াকৈ ৫০ শতাংশ ভাৰা বৃদ্ধি কৰিব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে অন্তিমবাৰৰ বাবে চৰকাৰী নির্দেশনাৰ জৰিয়তে ভাৰা বৃদ্ধি কৰা হৈছিল ২০১২ চনত আৰু সেই সময়ত ডিজেলৰ দাম আছিল প্ৰতি লিটাৰত ৫০ টকা ।

Your Comments