পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি, হৰ্ছ ট্ৰেডিঙৰ বিৰোধিতাৰে ঘোঁৰাত উঠি আৰ পি শৰ্মাৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:
গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত ঘোঁৰাত উঠি প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাৰ।দেশৰ লগতে ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি আৰু হৰ্ছ ট্ৰেডিঙৰ বিৰোধিতাৰে অভিনৱ প্ৰতিবাদ প্ৰাক্তন সাংসদ শৰ্মাৰ।চৰকাৰে দৰিদ্ৰ জনতাক ২০০টকা বিনামূলীয়া চাউল আৰু অৰুনোদয় আঁচনি ৮০০-১০০০টকাদি প্ৰত্যেক মাহে ৮-১০হাজাৰ টকা প্ৰতিটো পৰিয়ালৰ পৰা লুটি আছে।বাছৰ ভাড়া ৭০শতাংশ বৃদ্ধি কৰিব, এম্বুলেঞ্চ ভাড়া তিনিগুন বাঢ়িল ,দৰিদ্ৰ ৰাইজে মিঠাতেল, দাইল আদি মূল্যবৃদ্ধিৰ বাবে খাবলৈ এৰিছে।স্কুল-কলেজলৈ যাওঁতে ছাত্ৰ-ছাত্ৰীয়ে কিদৰে দৈনিক ২০০টকাৰ তেল ভৰাব পাৰিব- শৰ্মাই কয়।আভুৱা ভৰা কথাবোৰ বাদ দিয়ক,শ্ৰীলংকা দুখীয়া হৈ গ’ল।শ্রমিকৰ দুৰ্দশা হৈ গ’ল।আৰু দুই-তিনিমাহৰ পাছত গুজৰাট দৰিদ্ৰ হৈ যাব বুলি লগতে তেওঁ কয়।
ইফালে হৰ্ছ ট্ৰেডিঙৰ প্ৰসংগত শৰ্মাই কয় ঘোঁৰাই আজি প্ৰতিবাদ কৰিছে।দিছপুৰত বিক্ৰী যাতে বন্ধ হয়।মোক বজাৰতহে বিক্ৰী কৰক।তাৎপৰ্যপূৰ্ণ কথা এই যে শেহতীয়া ৰাজ্য সভা নিৰ্বাচনত কংগ্ৰেছৰ গাড্ডাৰক
 ইতিমধ্যে চিনাক্ত কৰি দলে বিহীত ব্যৱস্থা লৈছে-বুলিও তেওঁ কয়।
আনহাতে ঘোঁৰাত উঠি প্ৰতিবাদ সাব্যস্ত কৰি আৰ পি শৰ্মাৰ দাবী-পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে।দৰিদ্ৰ জনতাই শাসন কৰিবলৈহে দায়িত্ব দিছে , শোষণ কৰিবলৈ নহয়।

Your Comments