গুৱাহাটীত এজন যুৱকক গছত বান্ধিলে ৰাইজে, কিয় পঢ়ক

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা দৈনিক বৃদ্ধি হোৱাৰ সময়তে শনিবাৰে নিশা ৰূপনগৰত  ৰাইজে গছত বান্ধি থ'লে এজন সন্দেহযুক্ত যুৱকক।নিশা প্ৰায় ১১বজাত দেৱাল পাৰ হৈ সন্দেহযুক্ত যুৱকজনে এঘৰত বলপূৰ্বক ভাৱে প্ৰৱেশৰ চেষ্টা কৰাত  ঘৰৰ একমাত্ৰ মহিলাগৰাকীয়ে হুলস্থূল কৰে।মহিলাগৰাকীৰ চিঞৰত ঘটনাস্থলীত স্থানীয় লোকে উপস্থিত হৈ যুৱকজনক কৰায়ত্ত কৰি গছত বান্ধি থয়।
গুৰুত্বপূৰ্ণ কথা যে ৰূপনগৰৰ সুনীতা বড়ো নামৰ মহিলগৰাকীৰ ভাড়াঘৰৰ চৌহদত সংঘটিত হয় এই ঘটনা।ইফালে যুৱকজন ছত্তিশগড়ৰ ভোজ ৰাম বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজে কৰায়ত্ত কৰা যুৱক জনক পাচত ভঙাগড় আৰক্ষীক গতাই দিয়া হয়।

Your Comments