
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ এআইউডিএফৰ পাঁচজনকৈ বিধায়ক আজি পুৱাই যোৱা বুলি কংগ্ৰেছ দলে তোলা অভিযোগ মন্ত্ৰী পিযুষ হাজৰিকাই মিছা বুলি কোৱা প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ মনজিৎ মহন্তই দাবী কৰি কয় যে ইমান হুলস্থুল কৰিব লগা কথা এই নাই।মুখ্যমন্ত্ৰী য’ত থাকে সেইটো এটা অধিক নিৰাপত্তা জ’ন।চিচিটিভি কেমেৰা আছে ফুটেজ উলিয়াই চালেই হ’ল।কোন সঁচা আৰু কোন মিছা ওলাই পৰিব।কংগ্ৰেছ মিছা বা মই মিছা তেতিয়াহলে দায়িত্বসহকাৰে স্বীকাৰ কৰিম।যদি সঁচা তেন্তে তেওঁলোকে সাজু হওঁক।এনেই নাটক কৰি থাকি লাভ নাই।
"আমাৰ হাতত থকা তথ্যৰ ভিত্তিত এই কথাখিনি কৈছোঁ।আজিলৈ আমি প্ৰমাণ-যুক্তি নোহোৱাকৈ কোনো কথা কোৱা নাই।অন্তত মনজিৎ মহন্তই কোৱা নাই।বহু সভ্য মানুহে গালি-গালাজ অসভ্য কথাও কৈছে।কিন্তু তাৰ প্ৰত্যুত্তৰ নিদিওঁ।কাৰণ বিজেপি-এআইইউডিএফৰ চাৰ্টিফিকেট বিচাৰি মই ৰাজনীতি কৰিবলৈ অহা নাই।মোৰ কাম দায়িত্ব সহকাৰে পালন কৰিছোঁ"-মহন্তই কয়।
আনহাতে মন্ত্ৰী হাজৰিকাই কংগ্ৰেছৰ মিছা অভিযোগৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰক দিয়া প্ৰসংগক আদৰণি জনায় মহন্তই।আইনৰ ব্যৱস্থা ললে আদালতৰ মজিয়াত যি তথ্য আছে দাখিল কৰিম।মুখ্যমন্ত্ৰীৰ ঘৰত সোমাই পিছ দুৱাৰে কোন ওলাইছে সকলো তেওঁলোকৰ হাততে তথ্য আছে।চিচিটিভি চালেই হ’ল।আমি আমাৰ বিবৃত্তিত অটল আছোঁ।দায়িত্বসহকাৰে প্ৰদেশ কংগ্ৰেছে বিবৃত্তি দিছে।
ইফালে মন্ত্ৰী পিযুষ হাজৰিকাই মানসিক বিকাৰগ্ৰস্ত বুলি মনজিৎ মহন্তক কটাক্ষ কৰা প্ৰসংগত মহন্তই ৰাজীৱ ভৱনৰ সংবাদমেলত কয়-পিযুষ হাজৰিকাৰ প্ৰমানপত্ৰ নালাগে।তেওঁ ডাক্তৰ নেকি?সভ্য কোন, অসভ্য কোন অসমৰ মানুহে জানে।সাংবাদিকক কি ব্যৱহাৰ কৰিছিল।
আনহাতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাৰ বাবে অসম প্ৰদেশ কংগ্রেছে প্ৰথম দাবী জনাইছিল।স্মাৰক পত্ৰ আৰু প্ৰতিবাদৰ জৰিয়তে চৰম পত্ৰ প্ৰদান কৰিছিল কংগ্ৰেছে।তাৰ পৰিপ্ৰেক্ষিততে ৰঙালী বিহুৰ সাতবিহুৰ মাজত অনুষ্ঠিত হ’ব লগা ১৯এপ্ৰিলৰ নিৰ্বাচন অহা ২২ এপ্ৰিললৈ পিছুৱাইছে,এইয়া ৰাইজৰ জয়।নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু হৈ আছে।বিভিন্ন ৱাৰ্ডত সভা-সমিতি আৰম্ভ হৈছে।কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰো সাজু হৈছে।দুদিনৰ ভিতৰত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হ’ব বুলি মহন্তই কয়।
- Log in to post comments
- 12 views