অসম বিধানসভাৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক কৰিমুদ্দিন বৰভূঞা- অখিল গগৈ

A

নিউজ ডেস্ক:

“অসম বিধানসভাৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক এআইইউডিএফৰ কৰিমুদ্দিন বৰভূঞা।বিধায়ক মানৱ ডেকাৰ পৰা মই ১৫লাখ টকা লোৱা বুলি কৈছে।২৪ঘণ্টাৰ ভিতৰত দালাল কৰিমুদ্দিনে অভিযোগ প্ৰমাণ কৰক”- এই প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ।আজি আবেলি তিনি বজাত দলৰ সভা আছে।তাতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম আইনগত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি -গগৈয়ে কয়।উল্লেখ্য যে ,বৃহস্পতিবাৰে এটা টেলিভিছন চেনেলত এআইইউডিএফৰ বিধায়ক গৰাকীয়ে এই গুৰুতৰ অভিযোগ তুলিছিল শিৱসাগৰৰ বিধায়কজনৰ বিৰুদ্ধে।দিছপুৰত বিধায়ক অখিলে মুকলি প্ৰত্যাহ্বান জনাই কয়-“যদি কৰিমুদ্দিন বৰভূঞাই প্ৰমাণ কৰিব নোৱাৰে তেন্তে পৰিনাম ভুগিবলৈ সাজু হওঁক।”

Your Comments