মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ AIUDFৰ পাঁচ বিধায়ক গৈছিল; কংগ্ৰেছৰ অভিযোগত খঙত অগ্নিশৰ্মা মন্ত্ৰী পিযুষ

A

নিউজ ডেস্ক:


মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ এআইইউদিএফৰ ৫ বিধায়ক যোৱা  বুলি কংগ্ৰেছে প্রকাশ কৰা অভিযোগত খঙত অগ্নিশৰ্মা মন্ত্ৰী পিযুষ হাজৰিকা।প্ৰদেশ কংগ্ৰেছে তোলা অভিযোগ নস্যাৎ কৰে  মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ মন্ত্ৰী গৰাকীয়ে।কংগ্ৰেছ দলৰ মিছা অভিযোগৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ সকিয়নী দিয়ে  মন্ত্ৰী গৰাকীয়ে।

খঙত অগ্নিশৰ্মা হৈ মন্ত্ৰী গৰাকীয়ে কংগ্রেছৰ অভিযোগ খণ্ডন কৰি কয়- “যোৱা নিৰ্বাচনত নিৰ্লজ্জভাৱে দিছপুৰ সমষ্টিৰ পৰা পৰাজয়বৰণ কৰা মনজিৎ মহন্ত নামৰ এজন পাবত গজা কংগ্ৰেছীয়ে ৰাতিপুৱাই অসত্য, মিছা প্ৰচাৰ চলাইছে।এআইইউডিএফৰ ৫জন বিধায়কে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাটো অসত্য, মনেসজা ভুৱা মানুহৰ চতুৰালিৰ বাহিৰে একো নহয়"।
"ভূপেন বৰাই যদি এনে অভিযোগ দিছে তেন্তে তেওঁ একে মানসিকতাৰ ব্যক্তিৰ ভিতৰত পৰিছে।কোনো পধ্যেই যোৱা নাই।অসভ্য, বৰ্বৰ, মানসিক বিকাৰগ্ৰস্ত মানুহৰ অসমৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ বাহিৰে একো নহয়"-  পিযুষ হাজৰিকাই কয়।
মুখ্যমন্ত্ৰী পুৱা ৮.৩০বজাত মই কথা পাতোতে শুই আছে ।ভূপেন বৰা-মনজিৎ মহন্তই প্ৰমাণ কৰক, অন্যথা আদালতলৈ যাম আৰু মানহানি গোচৰ তৰা হ’ব- মন্ত্ৰী গৰাকীয়ে কয়।
উল্লেখ্য যে ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয়ৰ পাছতে এইআইইউডিএফক বিশ্বাসঘাটক আখ্যা দিছিল প্ৰদেশ কংগ্ৰেছে।অসমৰ ৰাজনীতিক কলুষিত কৰা এইআইইউডিএফ নামৰ ৰাজনৈতিক দলটোৱে কালি ৰাজ্যসভা নিৰ্বাচনত কৰা বিশ্বাসঘাটকতাৰ পাছত আজি পুৱাই দলটোৰ পাঁচজন বিধায়কে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰস্থ চৰকাৰী বাসগৃহত শৰ্মাক সাক্ষাৎ কৰে আৰু ৮বজাৰ আগে আগে তাৰ পৰা ওলাই আহে বুলি- বিস্ফোৰক অভিযোগ আনিছিল।দলটোৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত স্বাক্ষৰ সম্বলিত সংবাদ বিবৃত্তিত স্পষ্টকৈ উল্লেখ থকা অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰিবলৈ যোৱা পাঁচ বিধায়ক ক্ৰমে- সোনাই সমষ্টিৰ কৰিমুদ্দিন বৰভূঞা, বদৰপুৰৰ বিধায়ক আব্দুল আজিজ, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু ধিঙৰ বিধায়ক আমিনুল ইছলাম।তাৎপৰ্যপূৰ্ণ কথা এই যে ,বিধায়ক কেইজনৰ লগত দলটোৰ এজন জিলাৰ সভাপতিও থকা বুলি বিবৃত্তিত প্ৰকাশ কৰিছিল।

Your Comments