মুখ্যমন্ত্ৰী হিমন্তৰ বাসগৃহলৈ যোৱা ৫জন AIUDFৰ বিধায়কৰ নাম প্রকাশ কৰিছে কংগ্ৰেছে, পঢ়ক

A

নিউজ ডেস্ক:

ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয়ৰ পাছতে এইআইইউডিএফক বিশ্বাসঘাটক আখ্যা প্ৰদেশ কংগ্ৰেছৰ।অসমৰ ৰাজনীতি কলুষিত কৰা এইআইইউডিএফ নামৰ ৰাজনৈতিক দলটোৱে কালি ৰাজ্যসভা নিৰ্বাচনত কৰা বিশ্বাসঘাটকতাৰ পাছত আজি পুৱাই দলটোৰ পাঁচজন বিধায়কে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰস্থ চৰকাৰী বাসগৃহত শৰ্মাক সাক্ষাৎ কৰে আৰু ৮বজাৰ আগে আগে তাৰ পৰা ওলাই আহে- বিস্ফোৰক অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ। মনজিৎ মহন্ত স্বাক্ষৰ সম্বলিত সংবাদ বিবৃত্তিত স্পষ্টকৈ উল্লেখ থকা মতে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰিবলৈ যোৱা বিধায়ক পাঁচ গৰাকী হৈছে সোনাই সমষ্টিৰ কৰিমুদ্দিন বৰভূঞা, বদৰপুৰৰ বিধায়ক আব্দুল আজিজ, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু ধিঙৰ বিধায়ক আমিনুল ইছলাম।তাৎপৰ্য পূৰ্ণ কথা যে বিধায়ক কেইজনৰ লগত দলটোৰ এজন জিলাৰ সভাপতিও থকা বুলি বিবৃতিত প্ৰকাশ কৰিছে। 
উল্লেখ্য যে ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী উমৈহতীয়া কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাৰ মেজিক সংখ্যা থকাৰ পাছতো নাটকীয় ভাৱে পৰাস্ত হৈছে।

Your Comments