
নিউজ ডেস্ক:
"মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ আমোলত অসমৰ সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে।"অসমত হৈ থকা এনকাউন্টাৰ সন্দৰ্ভত দিছপুৰ প্ৰেছ ক্লাবত সোমবাৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই কয় মুখ্যমন্ত্ৰীয়ে এতিয়া আইন কানুন, বিচাৰক সকলো।হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি ৰূপত অৱতীৰ্ণ হৈছে।মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ ভিতৰত ৩ নম্বৰ ৰাজ্যলৈ আনিব বুলি নিৰ্বাচনত দাংকোব মাৰিছিল।ই কিমান দূৰ সফল হ'ল সেইয়া নাজানো।কিন্তু এনকাউন্টাৰৰ জৰিয়তে ৰাজ্যখনক ৩ নম্বৰ স্হানলৈ আনিবলৈ সক্ষম হ'ল মুখ্যমন্ত্ৰী।
ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউন্টাৰৰ ঘটনাই বহু লোকৰ চকু খুলি দিলে।তেতিয়াহে এনকাউন্টাৰ সমৰ্থন কৰাৰ বহু লোকে বুজিলে যে এনকাউন্টাৰ ৰাজনীতি কিমান ভয়ংকৰ।সাংসদ ভূঞাই অভিযোগ কৰি কয় মুখ্যমন্ত্ৰীয়ে বিৰোধী শক্তিৰ বাহিনীক আওপকীয়াকৈ হত্যা কৰিবলৈ পুলিচ বাহিনীক বন্দুকৰ ট্ৰিগাৰ টিপিবলৈ উৎসাহিত কৰিছে।
চৰকাৰৰ অপকৰ্মৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। কিন্তু প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকসকলক ভাবুকি দিবলৈ পুলিচক ট্ৰিগাৰ টিপিবলৈ প্ৰশিক্ষণ দিছে শৰ্মাই।অসমত মানুহে এতিয়া মুকলিকৈ কথা ক'বলৈ ভয় কৰে।মুকলিকৈ কথা কোৱাৰ এতিয়া অসমত অৱকাশ নাই।ক্ষমতাই মূৰত ধৰা অপৰিপক্ক ৰাজনীতি ক্ষমতা হেৰুৱাৰ ভয় খালে এনেধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে আৰু হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উদাহৰণ।সংবাদমেলত ভূঞাই কয় - হিমন্ত বিশ্ব শৰ্মাই বুজি উঠক ৮০ আৰু ৯০ দশকলৈ উভতি যাব নিবিচাৰে অসমৰ জনতা।প্ৰতিটো এনকাউন্টাৰৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কীৰ্তি কমল বৰাক বিনা দোষত গুলিওৱাৰ অপৰাধত অতি সোনকালে আনন্দ মিশ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে ।
- Log in to post comments
- 13 views